পৃষ্ঠা:গুৰুচৰিত.djvu/৩৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গুৰু-চৰিত
৩২৪

সভাৰ সাজক একথান কৈলা যেবে।
ভূঞাসবো তথাত মিলিলা যাই তেবে॥ ১৪৭৫
দিনত শঙ্কৰে মেলা কীৰ্ত্তন কৰিলা।
নৰোত্তম গুৰু দেৱী পূজিবাক গৈলা।
শঙ্কৰে বোল দেৱী পূজিবাক যোগ্য নয়।
ভাওনা কৰিহে কৃষ্ণ পূজিবে লাগয়॥ ১৪৭৬
ৰামৰাম গুৰুক শঙ্কৰে আদেশিলা।
মূলমন্ত্ৰ উচ্চৰিয়া কৃষ্ণক পূজিলা।
দেখি সমস্তৰে আনন্দৰ সীমা নাই।
কৰয় কৌতুকে খোল ছয়ক বজাই*॥ ১৪৭৭
এহিমতে গধূলা সময় যেবে ভৈল।
নানান দেশৰ লোক চাহিবাক গৈল।
বিপক্ষ ব্ৰাহ্মণগণ যত আছিলন্ত।
যাত্ৰা দেখিবাক লাগি সমস্তে গৈলন্ত॥ ১৪৭৮
বোলে শুনা শূদ্ৰে বৰ কৰে মহতালি।
শঙ্কৰদেৱক দুষ্ট বিপ্ৰে পাৰে গালি॥
আজি শঙ্কৰৰ সবে ভাঙ্গো আটাইটাই।
কেনমতে বৈকুণ্ঠক দিৱয় দেখাই॥ ১৪৭৯
এহিমতে বিপ্ৰসব আলোচিয়া গৈল।
বাৰ ভূঞাগণ তৈতে একথান ভৈল।
ভাওনাৰ চোঁ যত সভা ঘৰে নিল।
আৰবস্ত্ৰ দিয়া তাক তৈতে ঢাকি থৈল ॥ ১৪৮০


  • এই ভাওনাত শ্ৰীশঙ্কৰদেৱে একেলগে ছয়টা খোল বজাইছিল।