ৰামচৰণ ঠাকুৰদেৱৰ ৰচিত বুলি প্ৰচাৰিত গুৰুচৰিত পুথিখনক
কোনো কোনোৰে “বৰচৰিত” বোলে আৰু ইয়াকেই বেচি
প্ৰামাণ্য বুলি কয়।
ৰামচৰণ ঠাকুৰৰ পুত্ৰ দৈত্যাৰি ঠাকুৰদেৱৰ আন এখন গুৰুচৰিত
আছে। কিছুমানে কয় — পিতৃ ৰামচৰণৰ বিৰচিত গুৰুচৰিত থকাত
আকৌ আন এখন চৰিত পুথি পুতেকে সঙ্কলন কৰাৰ আৱশ্যক কি
আছিল? গতিকে ৰামচৰণ “বৰতিৰ পৰৱৰ্তী কালত আন কোনোৰে
লিখিহে প্ৰচাৰ কৰিছে।
কিন্তু সন্ত-সাধুৰে এই “বৰচৰিত”ৰ ওপৰত যি অপৰিসীম আস্থা
দেখুৱায়, তাৰপৰা অনুমান হয়—ই ৰামচৰণ ঠাকুৰ দেৱৰেই ৰচিত।
এই বৰচৰিতত শ্ৰীমন্ত শঙ্কৰদেৱৰ উপৰি পুৰুষ, সেই সময়ৰ দেশৰ
সমাজ, সভ্যতা, কৃষ্টি আদি আৰু দেশৰ পুৰাতত্ত্ব যিদৰে বৰ্ণনা কৰিছে,
আন কোনো চৰিত পুখি বা ভাষাৰ আন কোনো সাহিত্যত পাবলৈ
নাই। এই চৰিতত এমন্ত শঙ্কৰদেৱৰ লীলা যিদৰে বৰ্ণিত হৈছে,
আন কোনো চৰিত পুথি বা ভাষাৰ আন কোনো সাহিত্যত পাবলৈ
নাই। এই চৰিতত শ্ৰীমন্ত শঙ্কৰদেৱৰ লীলা যিদৰে বৰ্ণিত হৈছে,
আন কোনো চৰিতত তেনে ভাৰে বৰ্ণনা কৰা নাই। এই চৰিতত
মাধৱদেৱৰ বিষয় বহলাই লিখা নাই; দৈতাৰি ঠাকুৰ বিৰচিত
চৰিত পুথিত মাধৱদেৱৰ বিষয় বহলকৈ লিখিছে; দুয়োজন
মহাপুৰুষৰ বৰ্ণনা প্ৰায়ে সমানে আছে। মাধৱদেৱৰ বিষয় বহল
কৰি লিখাও দৈত্যাৰি ঠাকুৰৰ চৰিত পুথিখন লিখাৰ আন এটা
উদ্দেশ্য হব পাৰে।
ইয়াৰ উপৰি ৰামচৰণ ঠাকুৰৰ বিৰচিত গুৰুচৰিত সম্পূৰ্ণভাবে
পাবলৈ নাই। আজি প্ৰায় পল্লিশ বছৰ আগত নগাৱঁৰ কলিয়াবৰত
পৃষ্ঠা:গুৰুচৰিত.djvu/৩
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে