পৃষ্ঠা:গুৰুচৰিত.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(২)

অঞ্চলৰ এখন সত্ৰত বৰচৰিত এখন পোৱা হৈছিল,
এতিয়া তাৰ নাম শুনা নাযায় । আমি অনুসন্ধান কৰি কেৱল ১ম—৫ম খণ্ডহে
গুৰু-চৰিত পাইছোঁ।। ৬ষ্ঠ আৰু ৭ম খণ্ড ঠাকুৰ হলিৰাম মহন্ত দেৱেহে
সংগ্ৰহ কৰিছিল। সুন্দৰীদিয়া সত্ৰৰ দীননাথ অধিকাৰীদেৱৰ ঘৰত
এখন ৰামচৰণ ঠাকুৰ বিৰচিত গুৰুচৰিত পোৱা হৈছে; তাত কেৱল
বেলগুৰিলৈকেহে লিখা আছে। আমি দুখন পুথি মিলাই এই
“গুৰুচৰিত” সম্পাদন কৰিলে।।

   আমাৰ দেশৰ বহুত সাঁচীপতীয়া পুথিত বিশেষকৈ চৰিত পুথিবোৰত
পৰৱৰ্তীকালত বহুতো প্ৰক্ষিপ্ত হৈছে। আমি নিজে পুথি অনুসন্ধান
কৰি ফুৰোঁতে নগাৱৰ কোৰচুংসত্ৰত থকা এখন ঠাকুৰ দেৱৰ চৰিতত
কেইশাৰীমান পুৰণি পদ কাটি নতুন পদ লিখা দেখি প্ৰশ্ন কৰাত
অধিকাৰে কলে—“অমুক সত্ৰৰ গোসাঁয়ে পঢ়িবলৈ নিছিল—তেখেতেই
এই কাণ্ড কৰিছে।”

   ৰামচৰণ ঠাকুৰ বিৰচিত গুৰু-চৰিতৰ ১ম—৫ম খণ্ডতা দুই চাৰিটা
পদ প্ৰক্ষিপ্ত থকা অনুমান হয়। ৬ষ্ট আৰু ৭ম খণ্ডত বিশেষকৈ শ্ৰীগুৰু
প্ৰয়াণৰ পাচত মাধৱদেৱৰ আৰু শ্ৰীশ্ৰীদামোদৰ দেৱৰ বিষয়ে
যিবোৰ কথা আছে, তাৰ বেছিভাগেই প্ৰক্ষিপ্ত—আধুনিক পদ।
আমাৰ দেশৰ সুধীসকলে অলপ চেষ্টা কৰিলেই চৰিত পুথিবোৰত
চালি–জাৰি উলিয়াব পাৰিব।

   আমাৰ দেশৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ দ্বাৰা প্ৰকাশিত বৈষ্ণৱ ধৰ্ম্ম
আন বৈষ্ণৱ ধৰ্ম্মৰ লগত তেনেই মিলি নাযায়। আমাৰ ধৰ্ম্ম বীজমন্ত্ৰ,
উপাসনাৰ পদ্ধতি, আচাৰ-ব্যৱহাৰ ভাৰতৰ আন বৈষ্ণৱ ধৰ্ম্মৰ লগত
নিমিলে। এই কাৰণেই বোধকৰোঁ ইয়াক মহাপুৰুষীয়া একশৰণ
ধৰ্ম্ম কামৰূপীয় বৈষ্ণৱ নাইবা ভাগৱতী বোলে।