এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮২
গুৰু-চৰিত
ৰামৰাম গুৰু সমে সানহুৰিয়া অনুক্ৰমে
ডেকাগিৰি গৈলন্ত সিপাৰে।৷
গুৰুপুত্ৰ ৰামৰাম জিৰাইলন্ত পাই বাম
পাৰ ভৈলা নৌকাত চৰিয়া।
শঙ্কৰে কাষৰ পৰা পুনু আইলা সান্হুৰিয়া
অপ্ৰয়াসে চাপিল আসিয়া।৷ ১২৯০
যেহি ঘাটে নামিলন্ত সেহি ঘাটে চাপিলন্ত
এক পাচ ন্যূনাধিক নাই।
নভৈল উজান ভাটি দেখিয়া বালক ষাঠি
তধা দিয়া বসি আছে চাই।৷
শঙ্কৰে হৰিষ মনে স্নান কৰি তেতিক্ষণে
ৰৈলা আসি আপুনাৰ ঘৰে।
পৰম পুৰুষ হৰি ছদ্মৰূপে অৱতৰি
মনুষ্যৰ মতে লীলা কৰে।৷১২৯১
ব্ৰহ্মপুত্ৰ জল বৰ দেখস্তাৰ লাগে ডৰ
আতিশয় বহুল বিস্তাৰ।
কিনো বিপৰীত শক্তি ছদ্মৰূপে মহামতি
ভৈল তাৰ ইপাৰ সিপাৰ।৷
দেখা কেনে বিপৰীত ভাদ্ৰ মাস লৌহিত্যত
সান্হুৰিয়া কোনে হুইবে পাৰ।
ঈশ্বৰৰ চেষ্টাচয় দেখাৱন্ত কৃপাময়
নাহি সীমা আদি অন্ত যাৰ৷৷ ১২৯২