সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/২৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৬
গুৰু-চৰিত

গৃহক আনিয়া তাক ভোজন কৰাইলা ।
পৰম আনন্দে পাচে বচন বুলিলা ॥
আসনত বসিয়া কৰিলা মুখশুদ্ধি ।
বুলি মাতি দিলন্ত জয়ন্তে তাঙ্ক বুদ্ধি ॥ ১২১০
চঞ্চল স্বভাৱ বাপ এৰা আবে তুমি ।
দুই ভাই শঙ্কৰক মুখে মুখে চুমি ॥
বুলি অতি অনেক একাৰে দিলা বোধ ।
লোক শিশুক নামাৰি কৰি ক্ৰোধ ॥ ১২১১
শঙ্কৰে বোলন্ত আবে শুনা পিতামহ ।
তুমিসবে মোৰ ক্ষমিবাহ ইটো দোষ ॥
তাসম্বাক অনেক বচনে আশ্বাসিলা ।
সূৰ্য্য অষ্টাঙ্গত দেশি গৃহক আসিলা ॥১২১২
ওলাই আসি বুঢ়ী পদুলিত বসি আছে।
শঙ্কৰক দেখিল ধ্বজাৰ কান্ধে পাচে ॥
আগবাঢ়ি খোজ দশ খেদি গৈলা বুঢ়ী ।
ধ্বজাৰ কান্ধৰপৰা আনিলা আজুৰি ॥ ১২১৩
কোলে লৈয়া সাৱটি ধৰিলা বান্ধি বুকে ।
মহাপ্ৰেমে চুমা মুখে দিলন্ত উৎসুকে ॥
এহিমতে শঙ্কৰক আনিলা গোসানী ।
আসনত বৈসায়া বুলিলা প্ৰিয়বাণী ॥ ১২১৪
কুলক্ষিণী চাৰী মই কি কাম কৰিলো ।
হাত ফুৰাই লুণ্ডি ঘুণ্ডি বোলে দুখ দিলো ॥