এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৫
মনে মনে যায় চলি সতী লাসে লাসে।
বসিছা শঙ্কৰদেৱ শিশুসব পাশে ॥১২০৪
থাম্প দিয়া যাই হাতে ধৰিলন্ত বুঢ়ী ।
দেখি শঙ্কৰৰ যেন ধাতু গৈলা উৰি ॥
হাতৰ এৰাইয়া বেগে দিলন্ত লৱৰ।
খেদয় পাচত বুঢ়ী কৰি থৰবৰ ॥ ১২০৫
বালকসকল উঠি গৈলা ঘৰে ঘৰে।
দূৰ হৈয়া গৈলা প্ৰভু মাৰিবাক ডৰে ॥
ধ্বজাক পাঞ্চিলা বুঢ়ী লাগ লৈলা যাই ।
গৃহক আসিলা পুনু খেৰসুতী আই ॥১২০৬
সিদিনাৰ বেলা যেবে গৈলা তিনিপৰ ।
লঘণত ক্ষীণ দেহা ভৈলা শঙ্কৰৰ ॥
জয়ন্তত কৈল লোকে হেনয় অৱস্থা ।
গৈলা তেহে ওলাই শুনিয়া হেন কথা ॥ ১২০৭
বিচাৰি বিচাৰি লাগ পাইলা পাচে যাই ।
ধ্বজা সমে শঙ্কৰ আছন্ত যিটো ঠাই ॥
জয়ন্তক দেখিয়া শঙ্কৰৰ ভৈলা ভয় ।
বোলে আৰ লগে জোনো বুঢ়ী আসিছয় ॥ ১২০৮
বাপ বাপ বুলি তাক ক্ষয়তে মাতিলা ।
কাক ডৰে বাপ তুমি ওহিক আসিলা ॥
মুখে চুম্বি সাৱটি কোলাত লৈলা তুলি ।
অনন্তৰে জয়ন্তে আনিলা মাতি বুলি ॥ ১২০৯