পৃষ্ঠা:গুৰুচৰিত.djvu/২১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৩
দ্বিতীয় খণ্ড

মাতিলন্ত গুৰু পুনু কুসুমক চাই।
ইকথা কহিলে বাপু মোৰ কোন দাই॥৯২৮
এহি বুলি দুয়ো পাচে গৈলা নিজ ঘৰ।
শুনিয়োক কথা আবে আত অনন্তৰ॥
এহিমতে চাৰিমাস ভৈলা শঙ্কৰৰ।
বহুতৰ আনন্দ দেখিয়া কুসুমৰ॥ ৯২৯
বুঢ়ীআই সৰ্ব্বদায়ে থাকে কোলে লই।
মাজে মাজে লৰে কতো চান্দেৰেী মাধই॥
যত বন্ধু বান্ধৱ আনন্দে চায়ে আসি।
শঙ্কৰৰ কান্তি গৃহ থাকয় প্ৰকাশি॥৯৩০
ওচৰতে বসিয়া সবেয়ো কোলা নয়।
তৰতৰি কৰি চাই শঙ্কৰ হাসয়॥
পূৰ্ণিমাৰ চন্দ্ৰ সম বাঢ়ি যাই কান্তি।
প্ৰকাশয় শৰীৰৰ পদ্মৰ যেন পান্তি॥ ৯৩১
দেখি বন্ধু বান্ধবৰ হৰিৰ বিস্তৰ।
জলন্ত শঙ্কৰ যেন নৰ দিবাকৰ॥
স্নেহত আকুল আতি বুঢ়ীআইৰ মন।
বুকে বান্ধি থাকে লৈয়া মুখে দিয়া স্তন॥৯৩২
ৰাজকাৰ্য্য চৰ্চাক কুসুমে পাচ কৰি।
পুত্ৰক ভোলন্ত মাত্ৰ সবে পৰিহৰি॥
তাত পাচে শঙ্কৰৰ ভৈলা মাস পাঞ্চ।
ইটো কথা মিছা নুহি কৈলো সাঞ্চে সাঞ্চ॥৯৩৩