পৃষ্ঠা:গুৰুচৰিত.djvu/২২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৪
গুৰু-চৰিত

পৰম পূৰুষ যিটো দৈৱকীনন্দন।
দশদিগপাল যাৰ উপাসে চলন॥
হেন হৰি কৰে লীলা কুসুমৰ বৰে।
শুনা শঙ্কৰৰ লীলা কহো আতপৰে॥ ৯৩৪
চৌৰাগৃহে পাতিয়া আছয় খাট খান।
তাতে শঙ্কৰক শুৱাই থৱয় সঘন॥
তাহাতে ফুৰয় ৰঙ্গে মাৰিয়া হেম্পোঁচ।
লাম্ফ দিয়া দিয়া যাই নাহিকে সঙ্কোচ॥ ৯৩৫
ডেৰ মাৰি ফুৰয় খাটত গিৰ গিৰি।
কঙ্কালৰ ডৰা গাচি পৰে কতো ছিৰি॥
পাঞ্চ তোলা সুবৰ্ণৰ আছে ডোড়া গোৰি।
পাৱত আৰিয়া আৰো সুবৰ্ণৰ কড়ি॥৯৩৬
হাম্ফোল মাৰিয়া কতো ফুৰয় বাগৰি।
লৱয় কোলাত দেৰি বুঢ়ীআই ধৰি॥
শুতি থাকে আতি যেন মহা মত্তসিংহ।
দাজিবে নপাৰে কতো যেন মেৰুশৃংগ॥৯৩৭
শিশুহেন দেখি মহাগম্ভীৰ অভাৱ।
কুসুমৰ দেখি আতি উল্লসৱ গাৱ॥
উবৰি এৰিয়া পাচে বসিবে লৈলন্ত।
সবন্ধু বান্ধবে দেখি আনন্দ কৰন্ত॥ ৯৩৮
সূৰ্য্যবৰ কুসুম চান্দেৰী বুঢ়ীআই।
মহাৰঙ্গে আনন্দে কৌতুকে থাকে চাই॥