পৃষ্ঠা:গুৰুচৰিত.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-চৰিত শৰ ৰূপে হৰি হুয়া অৱতাৰ। আপুনাৰ যশ ধৰ্ম কৰিলা প্ৰচাৰ। সাতে বৈকুণ্ঠৰ যিটো নাৎ আতিশয়। দয়া কৰি এক আসিলা কৃপাময় ৪ উপাস্যসৱক আনিল জগন্নাথ। বৈকুণ্ঠপুৰক প্ৰভু কৰিলা অনাথ॥ ভাৰত লোকক কৃপা কৰি দেৱহৰি। কায় কুলত প্ৰভু আছ। অৱতৰি। বাম অৱতাৰে যত ভালুক বানৰ। কৃষ্ণ অৱতাৰে গোপগণ নিৰন্তৰ। যাদৱ পাণ্ডৱ কুলে যত ভক্তগণ। সবাইকে ইথানে আনিলা নাৰায়ণ ৬ ব্ৰহ্মা হৰ আদি যত ভক্তগণমানে। কৃপাময় গুৰুৱে আনিলা এহিথানে। জন্মি যেন যেন প্ৰভু লীলা কৰিলন্ত। অনুক্ষণ ঈশ্বৰৰ লীলা দৰশান্ত॥৭ কত কেলি দেশান্ত মনুষৰ নয়। হেমতে লীলাগতি কৈলা কৃপাময় যত যত মহান বৈষ্ণৱ আহিলা। অঙ্গে অঙ্গে এহি ক আনলে কহিলা,॥ লবাৰে লৈয়া এক গৈলা নিবানে। সিসব কথা আবে না সাৱধানে