সমললৈ যাওক

পৃষ্ঠা:গুৰুচৰিত.djvu/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুগুৰি দশ-দিকপালে চিন্তে চৰণক বাৰ। তান মায়া বুজিকে শকতি কাহাৰ। কুম্বমেয়ো মাতৃ সমে কৰ আনন্দ। বোলে সৰ্প মেলে আসি কৈৰ পৰা মন্দ॥৭০৮ লা হয়া বাদিয়াৰে ঘৰে গৈলা চলি। হেন লীলা কৰি থাকিলা মহাবলী। যাৰ মায়া বিভৱৰ নাপায় পৰিচ্ছেদ। বাটে বাটে বাদিয়াৰে কৰি গৈলা খেদ ১৭৪৯ ভাৰ্যাৰ শাক যাই কুসুমে কৰিল। সিদিনাৰ সীমা আবে এহিমানে গৈলা। তিনিৰিক বিংশতি দিনৰ শুনা কথা। যেনমতে মন্দকী আসি ভৈলা তথা ৭৫ আহত শঙ্কৰ যেবে কুসুমৰ ঘৰে। আৰো এক কৰ্ম্ম কৈলা শুনা নিৰন্তৰে। সেহি গ্ৰামে আছে এক মহামন্দকী। তাত পৰে সংসাৰত নাহিকে অধৰ্ম্মী॥৭৫১ মন্দবিদ্যা গব্বী সিটো ফুৰে মহাভেমে। মায় লোক হাড়া দিয়া নে যমে। শঙ্কৰৰ জন্ম সিটো লোকমুখে শুনি। একদিন তৈকে লাগি গৈলা মনে গুণি৭৫২ আহত বুম বসি শঙ্কৰক লৈয়া। হেন বেলা মশকী মিলিলে গৈয়া।