পৃষ্ঠা:গুৰুচৰিত.djvu/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৬
গুৰু-চৰিত

সূৰ্য্যবৰ কুসুম বসিল পুত্ৰ কোলে।
বাপ বাপ বুলি মাতি সূ্ৰ্য্যবৰে বোলে॥৫৭৭
সত্যসন্ধ্যা আই পাচে মুখে দিলা স্তন।
অনন্তৰে চান্দেৰীয়ো বুলিলা বচন॥
হেন মায়াৱন্ত শিশু নতু দেখি শুনি।
বিস্ময় দেখিয়া তাই মৌন ভৈল গুণি॥৫৭৮
কি কহিবো কি কহিবো কি কহিবো আমি।
জানো আসি আছা এন্তে জগতৰ স্বামী॥
হেন অদভুত বাপু দেখি আছা কৈত।
যশোদাৰ ঘৰে কৃষ্ণ কৰি আছে তৈত॥ ৫৭৯
কদাচিতো আমি সবে মিছা নমাতোহো।
সত্যে সত্যে আমি চাৰি বাহু দেখিলোহো॥
শিহুৰিয়া প্ৰভু মোৰ কাম্পে হাত পাৱ।
হেন দেখি মোৰ ডৰে থিৰ নহে গাৱ॥ ৫৮০
চতুৰ্ভিতি শঙ্কৰক বেঢ়িয়া আছয়।
সবাৰে আগতে চান্দেৰীয়ে কথা কয়॥
শিশুৰূপে শঙ্কৰে হাসন্ত মনে মনে।
যেন কৃষ্ণ মায়াক কৰিলা সেহি থানে॥৫৮১
থাকিল তথাত চা্ন্দেৰী এহি বুলি।
মায়া কৰি তাসম্বাক মোহিলা সমূলি॥
পুত্ৰ বুলি কোলাত কুসুমে লৈলা তুলি।
সু্ৰ্য্যবৰে ধৰিলে বোপাই বোপাই বুলি॥৫৮২