পৃষ্ঠা:গুৰুচৰিত.djvu/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০
গুৰু-চৰিত

শৰণাগতক মই পতিতক
তাৰিবে প্ৰভু যুৱাই॥৪৯৫
হে জগন্নাথ নকৰা অনাথ
মই মহা আত্মঘাতী।
বান্ধৱ গুৰুৰ সেৱাক তেজিলোঁ
কিনো মই অন্ত্যজাতি॥
শঙ্কৰৰ সঙ্গে যত যত ভক্ত
কৰোঁ মই নমস্কাৰ।।
কৰা আশীৰ্ব্বাদ এৰাওঁ প্ৰমাদ
তেবেসে গতি আমাৰ॥৪৯৬
তাসম্বাৰ সজ হৌক সৰ্ব্বক্ষণ
গুৰুপাৱে মোৰ গতি।
বোলো নিষ্ট কৰি গুৰু পাৱে ধৰি
ৰৌক তান পাৱে ৰতি॥
উত্তম কুলত লভিলোহ জন্ম
ভক্তিৰ নভৈলো পাত্ৰ।
ভৈলো যেন কুণ্ড নাহিকয় জল
নাম সৰোবৰ মাত্ৰ॥৪৯৭
আপুনি ঈশ্বৰে গুৰু শিষ্য ৰূপে
ভৈল আসি অৱতাৰ।
তাহান ভাগিন হুয়া তভো মই
ভৈলো কিনো দুৰাচাৰ॥