পৃষ্ঠা:গুৰুচৰিত.djvu/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৭
দ্বিতীয় খণ্ড

জয় জয় কৰি দেবীক সুমৰি
কৰিলন্ত জয়ধ্বনি।
উঠিলেক বোল বালে ঢাক ঢোল
গৈলা স্বৰ্গলোক ছানি॥৪৮৭
অনন্তৰে চাই সণ্ঢাৰ দলৈ
বুলিলন্ত কুসুমক।
পাঞ্চ খানি ধেনু আনিয়োক আবে
আনা চাৰি বালকক॥
এক খানি ধনু সত্যসন্ধা আই
ধৰাউক পুত্ৰৰ হাতে।
ভাল বাছি চাই চাৰি গোটা শিশু
মিলায়ো আনি এখাতে॥৪৮৮
চাৰিৰ হাতত দিলা চাৰি ধনু
খেপোক চাৰি দিশক।
হেন শুনি পাচে আনিলা তেখনে
মাতি চাৰি বালকক॥
প্ৰথমতে ধনু ধৰাই শঙ্কৰক
সত্যসন্ধ্যা টঙ্কাৰিলা।
ঠাতকাৰ কৰি উঠিলা শৱদ
কৰ্ণত তাল হানিলা॥৪৮৯
বিজুলী চমক যেহেন দেখিল
সমজ্যাৰ যত জন।