এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
দ্বিতীয় খণ্ড
কৃপাৰ ঠাকুৰ গুৰু বিনে আন নাই।
গুৰু ৰূপে আইলা প্ৰভু তুমি যদুৰায়॥৪৪৬
সন্তৰ সঙ্গত প্ৰীতি ৰহোক আমাৰ।
সৎসঙ্গত বিনে ভক্তি সবে চাৰখাৰ॥
মন এক জানি কৰি সৎসঙ্গত ভজা।
যতেক দুৰ্ব্বুদ্ধি আছে সবে তাক তেজা॥৪৪৭
কৰোহো কাকূতি গুৰু চৰণত ধৰি।
হে প্ৰাণবন্ধু মোক নিয়োক নিস্তাৰি॥
কৰোহো কাকূতি গুৰু চৰণত ধৰি।
কাতৰ কৰোহো তুৱা চৰণত পৰি॥৪৪৮
হে প্ৰাণবন্ধু ভকতৰ ভয়হাৰী।
দুৰ্জ্জনৰ সঙ্গ মোক নেদিবা মুৰাৰি॥
অনাদি ঈশ্বৰ প্ৰভু নিত্য নিৰঞ্জন।
সত্যে সত্যে পাপী মই পশিলো শৰণ॥ ৪৪৯
কহে ৰামচৰণে অজ্ঞানী মই পাপী।
গুৰু পদ-পঙ্কজে ধৰিও সবে চাপি॥
মোৰ পদ বুলি সবে নধৰিবা দোষ।
শঙ্কৰ মাধৱ বুলি হুয়োক সন্তোষ॥ ৪৫০
দৃঢ় কৰি ধৰা সবে হৰিগুৰু পাৱে।
কাল অজগৰে আসি নতু ধৰে যাৱে॥
সমস্ত ভকত বোলো কৰিয়া কাকূতি।
বোলা ৰাম ৰাম হৌক সবাৰ সদগতি॥৪৫১