পৃষ্ঠা:গুৰুচৰিত.djvu/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২
গুৰু–চৰিত

কুতা হুয়া সমুদ্ৰক তৰিবাক চায়।
গৰুড়ৰ উৰাক টেপচি হুয়া ধায়॥
ধিক ধিক ধিক মই পৰম অজ্ঞান।
বান্ধৱ গুৰুক পাই তভো খোজো মান॥৪৪১
বান্ধৱ মাধৱ গুৰু দিলন্ত দেখাই।
হৰুৱাওঁ বুদ্ধি দোষে হেন গুৰু পাই॥
পৰম পাতকী মই দুৰ্বুদ্ধি প্ৰধান।
নাহিকে অধম আউৰ মোহোৰ সমান॥ ৪৪২
হেন প্ৰাণবন্ধু প্ৰভু তুমি মোৰ গুৰু।
কৰা কৃপা মোক ভকতৰ কল্পতৰু॥
কৰোহো কাতৰ তুৱা পাৱে ৰতি হৌক।
তযু ভকতৰ সঙ্গ আহ্মাক দিয়োক॥ ৪৪৩
হৰি হৰি হৰি মই কিনো মন্দমতি।
তবু পদে প্ৰভু মোৰ নভৈল ভকতি॥
কৰা অনুগ্ৰহ মোক বান্ধব মাধৱ।
শৰাণাগতক আবে নেৰিবা বান্ধৱ॥৪৪৪
সত্যে সত্যে সত্যে মই পশিলো শৰণে।
মই পাতকীক ৰক্ষা কৰি্য়ো চৰণে॥
হে প্ৰাণনাথ হৰি দেৱ নাৰায়ণ।
তযু পদপঙ্কজে মজোক মোৰ মন॥৪৪৫
বিষয়ত পৰি ৰৈলো পা্তকী পৰম।
সংসাৰত নাই জানা পাপী মোৰ সম॥