এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
গুলেনাৰ।
⸻৹৹৹⸻
প্ৰথম অঙ্ক।
⸻৹⸻
প্ৰথম দৃশ্য।
পঁজা, বদৰুন্নিছা মৃত্যুশয্যাত—ওচৰতে
গুলেনাৰ বহি থাকে।
| বদৰ।— | আনাৰ! |
| আনাৰ।— | আম্মাজান? |
| বদৰ।— | পানী। (আনাৰে পানী দিয়ে, বদৰে খাই) মা! মোৰ আৰু সময় নাই; সময় মোৰ আখেৰ হৈ আহিল। যোৱাৰ পূৰ্ব্বে কথা এটি কৈ যাওঁ; দুখিনী মাৰৰ অন্তিম অনুৰোধ অথলে নেযায় যেন। মা! ইৰাণলৈ আৰু তুমি কেতিয়াও উভটি নেযাবা। তাত আৰু তোমাৰ ঠাই নাই। যেনে তেনে উপায়েৰে দিল্লীলৈ গৈ বাদছাহৰ মহলত সোমাবলৈ চেষ্টা কৰিবা। বাদছাহ বৰ দয়ালু; তোমাৰ নিচিনা দুখিনী |