পৃষ্ঠা:গুলেনাৰ.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাতনি । 18*81 অযোগ্য জনৰ অযোগ্য লিখনিয়ে সুধীজনৰ ওচৰত কিবা যে আদৰ পাব, তাত সন্দেহ কৰি কেইবাখনিও পুথি লিগ্নি পেলাই থৈছো। লিখিবৰ মন যায়, লিখোঁ ; কিন্তু প্রকাশ কৰিবলৈ সাহ নহয়। এতিয়া দুখিনী আসাম আইব আশ৷ ভবসাৰ থল, ৺চন্দ্ৰকান্ত সন্দিকৈৰ নিচিনা, এজনৰ অকাল-তিৰোধানত, তেখেতৰ স্মৃতি ৰক্ষাৰ্থে উচৰ্গিত হোৱাত, গুণগ্রাহী সকলৰ এফেবি আদব পায়েই বা এই বুলি এই গুলেনাৰক প্ৰকাশ কৰিলোঁ। ইয়াত ভূল ভ্রান্তি বহুতো আছে। এনে অপদার্থ অৰ্ঘ্যৰে মাতৃপূজ৷ কৰিবলৈ যোৱাটো মূৰ্খতাৰ চিন, তাত সন্দেহ নাই। কিন্তু কি কৰিম? মইও যে মাতৃৰ সন্তানসমূহৰ ভিতৰৰ এটা ; জনা- নজনাকৈ অ'ৰ ত’ব দুপাহী এপাহী ফুল গোটাই—এই অশ্ৰুৰ মালাধাৰী গাথিলোঁ। গুণগ্রাহী সকলে কিঞ্চিৎমানে৷ পুতৌ কৰিলে কৃতাৰ্থ নানিম, আৰু ভবিষ্যতে দুই এক নৈবিদ্য বাইজৰ সেৱাত আগ বঢ়াবলৈও সাহ কৰিব পৰ| হন। আদাব। ইতি— বিনীত পজিৰ ৷