সমললৈ যাওক

পৃষ্ঠা:গুলেনাৰ.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি।

⸻0⸻

 অযোগ্য জনৰ অযোগ্য লিখনিয়ে সুধীজনৰ ওচৰত কিবা যে আদৰ পাব, তাত সন্দেহ কৰি কেইবাখনিও পুথি লিখি পেলাই থৈছো। লিখিবৰ মন যায়, লিখোঁ; কিন্তু প্ৰকাশ কৰিবলৈ সাহ নহয়।এতিয়া দুখিনী আসাম আইৰ আশা ভৰসাৰ থল, ৺চন্দ্ৰকান্ত সন্দিকৈৰ নিচিনা, এজনৰ অকাল-তিৰোধানত,তেখেতৰ স্মৃতি ৰক্ষাৰ্থে উচৰ্গিত হোৱাত,গুণগ্ৰাহী সকলৰ এফেৰি আদৰ পায়েই বা এই বুলি এই গুলেনাৰক প্ৰকাশ কৰিলোঁ। ইয়াত ভূল ভ্ৰান্তি বহুতো আছে। এনে অপদাৰ্থ অৰ্ঘ্যৰে মাতৃপূজা কৰিবলৈ যোৱাটো মূৰ্খতাৰ চিন, তাত সন্দেহ নাই। কিন্তু কি কৰিম? মইও যে মাতৃৰ সন্তানসমূহৰ ভিতৰৰ এটা; জনা-নজনাকৈ অ’ৰ ত’ৰ দুপাহী এপাহী ফুল গোটাই—এই অশ্ৰুৰ মালাধাৰী গাথিলোঁ। গুণগ্ৰাহী সকলে কিঞ্চিৎমানো পুতৌ কৰিলে কৃতাৰ্থ মানিম,আৰু ভবিষ্যতে দুই এক নৈবিদ্য ৰাইজৰ সেৱাত আগ বঢ়াবলৈও সাহ কৰিব পৰা হম। আদাব। ইতি—

বিনীত
  পজিৰ।