( ৪ )
অনাচাৰ ভৈল লোক তৰ নপাইব।
নানা ধৰ্ম্ম কৰ্ম্ম কৰি অধোগতি যাইব॥ ৩৪
তাৰ মই নাম ধৰ্ম্ম গুপ্ত কৰি থৈলো।
দেৱৰ পশিয়া গুপ্ত পূজা কৰি দিলো॥ ৩৫
পূজা কৰি মোৰ ভক্ত হইবে পাপ ময়।
এই সাতে পাঞ্চে মোৰ যাইবাক লাগয় ॥৩৬
এই বুলি গৈলা কৃষ্ণ বসুদেৱ ঘৰে।
পূৰ্ণ ব্ৰহ্ম কৃষ্ণ দৈৱকীত অৱতাৰে॥ ৩৭
নৰৰূপে মেদিনীৰ খণ্ডিলন্ত ভাব।
নিজগুণ নাম যশ কৰিল প্ৰচাৰ॥ ৩৮
কলিত ভকতি বিনে নাপাইবে নিস্তাৰ।
মোৰ গুণ নাম লই তৰোক সংসাৰ॥ ৩৯
শ্ৰদ্ধায়ে হেলায়ে কৰে নামক কীৰ্ত্তন।
সংসাৰ নিস্তাৰ পাই বৈকুণ্ঠ ভুবন ॥ ৪০
স্নান দান তপ জপ হোম যজ্ঞ ব্ৰত।
সবাৰো হইবেক পুণ্য নামৰ লগত॥ ৪১
এতেকে নামক কৃষ্ণ শ্ৰেষ্ঠ কৰি থৈলা।
ভাৰতত ধৰ্ম্ম থাপি বৈকুণ্ঠক গৈলা ॥ ৪২
সকলে সম্পূৰ্ণ কৃষ্ণ ভৈলা অৱতাৰ।
এক এক পূৰ্ণ নাম কলিত প্ৰচাৰ॥ ৪৩
নানাবিধ ৰূপ ধৰি ভক্তক ৰাখন্ত।
এতেকে ভক্তৰ বশ্য ভৈলা ভগৱন্ত॥ ৪৪
দেখা কেনে কৃপাময় দয়ালু শ্ৰীহৰি।
আপোন সহস্ৰ নাম থৈল ব্যক্ত কৰি ॥৪৫