( ৩ )
পৰমাৰ্থ গুঢ় গ্ৰন্থ তত্ত্ব অৰ্থ চয়।
ইহাক জানিলে প্ৰেম ভকতি মিলয়॥ ২২
পুনৰপি কৃষ্ণ পদে নমস্কাৰ কৰি।
উত্তম শ্লোকক মই প্ৰচাৰোঁ সাদৰি॥ ২৩
ভকতক কৃপা কৰি প্ৰভু যদুৰাজ।
অংশরূপে বাক্য কৃষ্ণ কৰিলন্ত বাজ॥ ২৪
অঙ্গৰূপ ভৈলা গুপ্তমণি শাস্ত্ৰখান।
সুখে তৰে আক যিতো জনে কৰে পান॥ ২৫
ভক্তক তাৰিবে হৰি উপায় চিন্তিলা।
এতেকতে গুপ্তমণি শাস্ত্ৰ খান ভৈলা॥ ২৬
আছে হৰি সৰস্বতী সমে ৰঙ্গ কৰি।
আছে পাৰিষদ গণ চতুৰ্দ্দিগে বেঢি॥ ২৭
নানাবাদ্য ভান্দ সবে বাৱে ঠাই ঠাই।
বিষ্ণু নগৰৰ কথা কহন নাযাই॥ ২৮॥
সত্য গুচি দ্বাপৰ যুগ আসি ভৈলা।
সন্তক দুৰ্জ্জনে পীড়া কৰিবাক লৈলা॥ ২৯
দুখ পাই সন্তে কৃষ্ণ আৰাধে যতনে।
ভক্তৰ কাৰণে ব্যক্ত ভৈলা নাৰায়ণে॥৩০
একদিন কৃষ্ণ পাছে গুণিয়া মনত।
মোৰ ভকতৰ দুখ দেই দুষ্ট যত॥ ৩১
মই যদি যাওঁ ভক্তে পাৱয়ে নিস্তাৰ।
নানা দুখ পাইলে ভক্ত হইবে অনাচাৰ॥ ৩২
মোহোৰ ভকত আৰ নহৈবে কলিত।
অকাৰ্য্যে কলিত নৰ হইবে দুষ্ট চিত্ত॥ ৩৩