সমললৈ যাওক

পৃষ্ঠা:গুপ্তমণি.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৫১ )

নজানে অজ্ঞানে কথা নুবুজয় তত্ব।
সি জনে দেখয় শত্ৰু মিত্ৰ যে পৰত॥
পৰত নাহিকে শত্ৰু মিত্ৰ নেদেখিবা।
আপোনাত বিচাৰিয়া শত্ৰু মিত্ৰ লইবা॥ ৪২৬
আপুনি আপোন শত্ৰু কহিলো নিৰ্ণয়৷
আপুনি আপোন মিত্ৰ জানিবা নিশ্চয়॥ ৪২৭
আপোনক আপুনি জানিবা ৰাখে মাৰে।
নভজি হৰিক আপোনাক নষ্ট কৰে॥
হৰিক ভজিয়া নৰে আপোনাক তৰে।
আপুনি ব্যাপিয়া আছে সকল সংসাৰে॥ ৪২৮
ব্ৰহ্মাণ্ডত আছে মানে আছে শৰীৰত।
আপোনাক চিনিয়া কথাৰ লোৱা তত্ত্ব।
আপোনাক চিনিলে ভক্তিৰ পাই গুৰি।
জানিবা সিজনে তেবে সূখে যাই তৰি॥ ৪২৯
সকল বিচাৰ কথা দেহত আছয়।
যেন পৃথিবীৰ সেহি জানিবা নিশ্চয়॥
পৃথিবীত কৰন্ত অনেক উপদ্ৰব।
সেই মতে শৰীৰত সবে দুঃখ পাব॥ ৪৩০
পৃথিবীৰ মতে তাৰ জীৱ যেন ধৰে।
সান্ত জন সাধু সিতো সংসাৰক তৰে॥
ছয় চক্ৰ নামে পদ্ম আছে সংসাৰত।
পদ্মৰ মূলত ভজি উপাসি আছন্ত॥ ৪৩১
বাতুল আকাৰ পদ্ম দেখি বিতোপন।
ছয় আলি ভৈলা তাতে ছয় শক্তি জন॥
আধুতি বৈধুতি জীউ আৰ পদৰ লুই।
কৃষ্ণ মাধৱৰ জ্ঞানে ইৰন হোৱই॥ ৪৩২