( ১৬ )
কপিলী বোলন্ত মঞি ছাই খিনি খাইলো।
তোমাৰ প্ৰসাদে মঞি আজি শুদ্ধ ভৈলো॥ ১৭৮
শুনি তিনি জনে কপিলীক ক্ৰোধ কৰি।
দিলা তিনি চাৰি পাক লাঙ্গুলত ধৰি॥ ১৭৯
হাগিলেক কপিলী জানিল তিন জনে।
সেই লাদ পুৰি ছাই কৰিলা তেখনে॥১৮০
সেই ছাই পুনু তিন জনে বাঁতি লৈলা।
খকৰ মকৰ কৰি গাৱত ঘহিলা॥ ১৮১
তাৰে পৰা সন্যাসীয়ে ভস্ম ধুলি লৈলা।
কপিলী খাইলন্ত হেতু লাদ শুদ্ধি ভৈলা॥ ১৮২
কপিলীৰ অঙ্গে যত ভৈল ধেনুগণ।
তেবে ধেনু লাদি শুদ্ধ ভৈলা সি কাৰণ॥ ১৮৩
চৰণত ধৰি ধৰি বিষ্ণু কান্দিলন্ত।
এতেকে চৰণ খানে বিষ্ণু ৰহিলন্ত॥ ১৮৪
কঙ্কালত ধৰি যত হৰে কান্দিলন্ত।
এতেকে নাভিত যায় ৰুদ্ৰ ৰহিলন্ত॥১৮৫
মুখ পদ্ম ধৰি যত ব্ৰহ্মা কাদিলন্ত।
সেহিসে কাৰণে ব্ৰহ্মা মুখে ৰহিলন্ত॥ ১৮৬
মুখ মধ্যে ব্ৰহ্মা চৰণত বিষ্ণু হয়।
ককালত ৰুদ্ৰ দেৱ জানিবা নিশ্চয়॥ ১৮৭
এই তিনি খানে মনুষ্যত আছে হৰি।
শৰীৰতে আছে কৃষ্ণ দেখা মূৰ্ত্তি ধৰি॥ ১৮৮
ঈশ্বৰ শক্তি মহেশত ভৰ দিলা।
এতেক কলিত হৰি নাম শ্ৰেষ্ঠ ভৈলা॥ ১৮৯