পৃষ্ঠা:গুপ্তমণি.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৭ )


আধাৰ চক্ৰত হয় নিৰ্গুণৰ থান।
হৰি হৰ এক তনু না ভাবিবা আন॥ ১৯০
ৰজ গুণে ব্ৰহ্মা হয় বিষ্ণু সত্ব গুণে।
তম গুণে ৰুদ্ৰ হয় জানিবা আপনে॥ ১৯১
ব্ৰহ্ম পৰমব্ৰহ্ম অতয় ব্ৰহ্ম তিনি।
তাসম্বাৰ নাম কহো শুনা ভিনি ভিনি॥ ১৯২
ব্ৰহ্মাৰ স্ৰজন দেহা ব্ৰহ্মা বাস কয়।
অভয় ব্ৰহ্ম পৰমাত্মা জানিবা নিশ্চয়॥ ১৯৩
পৰম ব্ৰহ্ম জানাহা জীউৰেসে নাম।
গুৰুশিষ্যে জানা সেই চৰণ উপাম॥ ১৯৪
প্ৰথমতে কহো জানা বিষ্ণু মন্ত্ৰ সাৰ।
অঙ্কাৰ প্ৰধম নাম, মন্ত্ৰ যে তাহাৰ॥ ১৯৫
ব্ৰহ্মাৰ স্তঙ্কাৰ মন্ত্ৰ জানা সাধুজন।
ৰূদৰ সুঙ্কাৰ মন্ত্ৰ শুনা সৰ্ব্বজন॥ ১৯৬
অঙ্কাৰ স্তঙ্কাৰ মন্ত্ৰ সুঙ্কাৰ প্ৰধান।
তিনি মাত্ৰ মন্ত্ৰে কৰে নিগুৰ্ণৰ স্থান॥ ১৯৭
দেখে শুনে কহে কথা মনে যিবা মতে।
নিৰ্গুণ স্বৰূপে হৰি আছে সমস্ততে॥ ১৯৮
অন্য কৰ্ম্ম যজ্ঞক কৰায় সবে নিষ্ঠ।
সবাতো কৰিয়া জানা জ্ঞান যজ্ঞ শ্ৰেষ্ঠ॥ ১৯৯
আছে সব ধৰ্ম কৰ্ম মনৰ লগত।
গুৰু মানি জ্ঞান লৈবে উপদেশ তত্ত্ব॥ ২০০
যেহি জ্ঞান দিলা এক হৃদয়ত ধৰি।
সেহি জ্ঞান মনে ধৰি সুখে যায় তৰি॥ ২০১