পৃষ্ঠা:গুপ্তমণি.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১০ )


যেন মতে কৃষ্ণক যি মত প্ৰকাশয়।
এক কোটি সূৰ্য্যে যেন শৰীৰ জলয়॥ ১০৬
নীল উৎপল সমে পৰে পীতবস্ত্ৰ।
আজানু লম্বিত শোভে হাতে চাৰি অস্ত্ৰ ॥ ১০৭
আগে ধ্বজ বজ্ৰ জলে মধ্যত পঙ্কজ।
পাচত অঙ্কুশ জলে ৰূপে চতুৰ্ভুজ॥ ১০৮
ধ্বজে অগ্নি জয়ে চন্দ্ৰে পথে বসুমতি।
জ্ঞানে অঙ্কুশ ঘোলয় সুৰপতি॥ ১০৯
পদৰজ উজতি ভৈলা দিক পালগণ।
নেপুৰ স্বৰূপে লক্ষ্মী সেৱয় চৰণ॥ ১১০
ভাগৱতে গঙ্গা যে ভাৰস্তে পদচয়।
সাংক্ষ লোমে বেদাঙ্গ ভুষনে চক্ৰচয়॥ ১১১
নক্ষত্ৰ সকলে আঙ্গুলি আঙ্গুলিত।
পীতবস্ত্ৰ স্থানত ভৈলা দ্বাদশ আদিত্য॥ ১১২
তাৰ নামত দ্বাৰজ কামুৎ তলি মেখলা।
কিঙ্কিনী স্বৰূপে সেৱে দেৱৰাজ বালা॥ ১১৩
তিনি গুণে তিনি ৰূপ আছন্ত প্ৰকশেি
নৱ গুণে নাৰদ উত্তৰি একাদশী ॥১১৪
শঙ্কৰ পদধুলি ভৈলা শ্ৰীবৎস হিয়াত।
পঞ্চবৰ্ণ মালা যে নিবাসী সাক্ষাত॥১১৫
শুদ্ধ গুৰু দুই ৰেখা লক্ষ্মী সৰস্বতী।
জঙ্ঘায়ে কঙ্কন ভৈলা কেয়ুব সম্প্ৰতি॥ ১১৬
অষ্ট বসু জলে গলে হাৰ পেচন্দাৰ।
সজ গুণে কৌস্তভ্ মণি ভৈলা ঈশ্বৰৰ॥ ১১৭