পৃষ্ঠা:গুপ্তমণি.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৯ )

তাক বেঢ়ি আছে মহাজল বহুদুৰ।
তাহাৰ ভিতৰে আছে মহা কালপুৰ॥ ৯৪
জলৰ চৌপাশে বেঢ়ি আছয় ব্ৰহ্মাণ্ড।
বহলে পঞ্চাশ কোটী পন্থ মহীখণ্ড॥ ৯৫
তাৰ মাজে আছে ৰত্নমই গৃহ এক।
লগায়েছে ফটিকৰ স্তম্ভ হাজাৰেক॥ ৯৬
গৃহৰ ভিতৰে আছে অনন্ত শয্যাত।
একৰূপে ঈশ্বৰ পুৰুষ আছে তাত॥ ৯৭
অনাদি ঈশ্বৰ তাঙ্ক বোলে নিৰঞ্জন।
তাতে হৰি কৰে জানা জলত শয়ন॥ ৯৮
তাঙ্ক বোলে জলশায় নাম নাৰায়ণ।
তান ঠাইৰ পৰা জ্ঞানি হোৱন্ত জ্ঞাপন॥ ৯৯
অনন্ত থানৰ পৰা যোগী যে আসন্ত।
বিষ্ণুৰ স্থানৰ পৰা কৰ্ম্মী ব্যক্ত হন্ত॥ ১০০
প্ৰকৃতিৰ পৰা জীৱ আসন্ত সংসাৰী।
পুৰুষৰ পৰা হয় ভক্ত অৱতৰী॥ ১০১
এহি পঞ্চ স্থানে পাঞ্চ জীৱ উতপন।
কৰ্ম্মিয়ে বিষ্ণুৰ জ্ঞানী জলসাইত লীন॥ ১০২
সংসাৰি প্ৰকৃতি যোগী হয় যে অনন্ত।
ভকত থাকন্ত যাই পুৰুষ থানত॥ ১০৩
কুলে আসি ভৈলন্ত অনন্ত শয্যাখান।
কৃষ্ণৰ ভকত প্ৰেমানন্দ পূৰ্ণথান॥ ১০৪
নাম পন্থত স্থান ভৈলন্ত সাক্ষাত।
ব্ৰহ্মায়ে বৈকুণ্ঠ ভৈলা কৃষ্ণ থাকে তাত॥ ২০৫