পৃষ্ঠা:গীতগোবিন্দ.pdf/৬১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


________________

[ ৫৫ } ৰাধাৰ বিলাপ বাক । সৰ্বজন শুনিয়ােক। সুকণ্ঠী গৈলেক খেদি। কৃষ্ণক আনিবে মাতি ॥২৫১ । বিলম্ব দেখিয়া বৰ। মনদুখে নিৰন্তৰ । ক্রন্দন কৰন্ত ৰাই। ঘনে ঘনে পন্থ চাই। ২৫২। মঠাতাল মনােনীত । গৌৰ মাল্লৱ গীত ।। । বিফল জনম মােৰ । নাইল সখী প্রাণেশ্বৰ । ২৫৩ সুকণ্ঠী বুলিল মােক। ন গৈলা কৰিয়া শােক । মিত্ৰৰ বচন এৰি। গহিন অৰণ্যে পৰি । ২৫৪ 1 প্রহাৰিছে কাম শৰ। চিত্ত কৰে ঝৰ ঋৰ । বিৰহে অনলে কায় । পুৰি মৰৰ সৰ্ব্বদায় ॥ ২৫৫