পৃষ্ঠা:গীতগোবিন্দ.pdf/৬২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৫৬ ]

হুয়া আছো অচেতন।
ছাৰি যাই যেন প্ৰাণ॥
নগৈ ধাতু আছে কেনে।
পুৰি সাৰে জুই যেনে॥ ২৫৬ ॥
মনে আছো আশা কৰি।
আসিবন্ত প্ৰাণ হৰি॥
ইতো বস্ত্ৰ অলঙ্কাৰে।
সকল শৰীৰ পোৰে॥ ২৫৭ ॥
ইহেন মধুত ৰতি।
কোন নাৰী ভাগ্যৱতী॥
নিৰ্ম্মল কৃষ্ণৰ মুখ।
চুম্বিলে পাসৰোঁ দুখ॥ ২৫৮ ॥
পিন্ধিছোঁ মালতি ফুল।
তনু কৰে হুলস্থুল॥
কামদেৱে মাৰে বাণ।
চিত্ত কৰে খানে খান॥ ২৫৯ ॥
আন পুরুষৰ শৰে।
বাহিৰত পীড়া কৰে॥
নিদারুণ কাম-শৰে।
অভ্যন্তৰে পুৰি মাৰে॥ ২৬০ ॥