পৃষ্ঠা:গীতগোবিন্দ.pdf/২৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ২৩ ]

ইমত কটাক্ষ হাঁসি কৰে লয় লাস।
মনত সুমৰে মাধৱৰ পৰিহাঁস॥
মােহন ৱংশিক বান্ত অধৰ অমৃত।
মােৰ নাম ধৰি মােহিলা হামাৰ চিত॥ ৯৩ ॥
চূড়াত ময়ূৰপুচ্ছ চন্দ্র চারু শােভা।
সুখ জলে ৰমণী চুম্বন মনােলােভা॥
বন্ধুলিৰ পাখী যেন ৰাতুল অধৰ।
চৰণত প্রকাশে নেপুৰ সুবৰ্ণৰ॥ ৯৪ ॥
ৰােমাঞ্চিত বাহু মেলি কাম ভাৱে আতি।
সবটীছে মাধৱক সহস্র যুৱতী॥
তরুণী ৰমণী গােপিনীৰ স্তন ভাৰ।
নির্দ্দয় কৃষ্ণৰ হৃদে যেন বজ্ৰসাৰ॥ ৯৫ ॥
তাতে লাগি মৰ্দ্দিত মালতি মালাচয়।
ক্রীড়া দেখি সুৰাসুৰ গণৰ বিস্ময়॥
ৰত্নাবলী সখীক বােলন্ত ৰাধাৰায় ।
মাধৱৰ বিৰহে ক্ষণেকে প্রাণ যায়॥ ৯৬ ॥
যদ্যপি জীৱাবা সখি কহোঁ মিষ্ট বাণী।
এতি ক্ষণে ইঠাৱে কৃষ্ণক দিয়া আনি॥
কৃষ্ণৰ অধৰ যেন মধুৰ বাহন।
তাক দেখি স্বতন্ত্রে পিয়য় গােপীগণ॥ ৯৭ ॥