পৃষ্ঠা:গাওঁবুঢ়া.pdf/৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


গাওঁবুঢ়া।

১। অঙ্ক।
⸺•⸺
প্ৰথম পট,—গাঁৱলীয়া ৰাজবাট।
⸻⸻⸻

(বাপুৰাম, কচুখোৱা আৰু এটা চিপাহীয়ে কুলী ধৰে)

 ১ম কুলী।— (বাপুলৈ চাই) দেউতা ঈশ্বৰ! অলপ কিৰ্‌পা নকৰিলে আৰু বন্দী নিগমে মৰিলোঁ! মোৰ নো কোন আছে, অকলশৰীয়া মানুহ, দেউতাই দেখিছেই। কালিয়ে সিজনীয়ে ডাঙৰী গোটাচেৰেক দাই থৈ আহিছিল, আজি নচপালে, পথাৰৰ মুঠি পথাৰতে ৰব! আৰু, কানীয়া মানুহ, গাত নো কি বল-শক্তি আছে, দেখিছেই।

 বাপু।— (খঙ্গেৰে) কটা, তই মৰ বা তৰ, মই কি কৰিম? চৰ্কাৰী কাম; কুলী নিদিলে মোক হ'বলা হাকিমে শুদাই এৰিব? গুচ্, টপটপাই নাথাকিবি মোৰ ওচৰত।

 ১ম কুলী।— (কচুখোৱালৈ চাই) গাওঁবুঢ়া ককাই! তুমিও নো মুখলৈ নোচোৱাঁ নে?

 কচু।— এৰা, নেচাম নো কেলৈ? তই মোলৈ কোঁচ্‌ভৰাই নি চাৱ নহয়? আমাক তামোল এটা, পাণ এবিৰা পাৰি দিয়াও তহঁতৰ মানত লাজৰ কথা? এতিয়া মুখলৈ নেচাম নো কিয়?

৪৯