পৃষ্ঠা:গাওঁবুঢ়া.pdf/১০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৭১৮
গাওঁবুঢ়া

 ২য়, কুলী।—(বাপুৰ পিচফালে থিয় দি) ডাঙৰীয়াই অলপকৈ হাতখনি মুকলি কৰিলেহেঁতেন (বাপুৱে পিচফালে হাত পাতে, কুলীটোৱে টিপতে সিকি এটা গুজি দিয়ে)।

 বাপু।—(উলটি চাই) অ, হেৰ ভটাগুটী।

 ২য়, কুলী।— দেউতা, কিবা কব খুজিছে?

 বাপু।— হেৰ, তোৰ বৌৱেৰৰ ভিনীহিয়েকৰ পিতেকৰ তিলনি গ'ল জানো? ল'ৰাটো ঢুকাবৰ আজি কেইদিন?

 ২য় কুলী।— তিলনি নাই যোৱা দেউতা! ঢুকাবৰ আজি দুদিন হে হৈছে।

 বাপু।— এৰা, তহঁতৰ অশৌচ যোৱাই নাই তেন্তে। বাৰু, আন এটাহে বিচাৰিবলীয়া হ'ল; তই যাগৈ তেনেহ'লে।

 ২য়, কুলী।— ভাল ডাঙৰীয়া-দেউতা! (আনন্দেৰে প্ৰস্থান)

 ৩য়, কুলী।— (কচুখোৱাৰ কাণে-কাণে) শুনাচোঁ গাওঁবুঢ়া ককাই! সিদিনা মালভোগ কল এথোকা পকিছিল। মনতেহে, বোলোঁ, কলও পকক, নতুনকৈ বেঙেনা এগাল কলিয়াইছে সিও ডাঙৰ হক, একেলগে নি তোমাৰ ঘৰত দি আহিমগৈ। তাকে সিদিনা সৌ তেওঁ মণ্ডলে বুজ পাই আহিবৰে পৰা গোটেই আমাৰ ফালে টিঙ্গিৰিতুলা হৈ আছে! নেদেখিছাঁ, আজি পোনছাতেই তেওঁ মোক হে লাগিছেহি।

 কচু।— (ইফালে-সিফালে চাই, ফুচফুচীয়াকৈ) সঁচা নে? বাৰু,তেন্তে মই তোৰ ফালে পিঠি দিওঁ, তই লৰেই মাৰ। কিন্তু, বেঙেনা পাচেও দিবিগৈ, কলথোকা এতিয়াই নি আমাৰ সিজনীৰ হাতত দিবিগৈ। যা,যা।

 ৩য়, কুলী।— ভাল, কোনো কথা নাই, গৈয়েই দিমগৈ (লৰ মাৰে)।

 বাপু।— দেখ, দেখ, কনিষ্ট! ঐ কুলী ভাগ্‌‌কে লৰ মাৰতাহেঁই। তুমি খেদি যাইকে তাক পাকুৰি আনও। (চিপাহীটোৱে যাবলৈ ধৰে)।

 কচু।— নাহি, নাহি, কনিষ্ট বাবু, তুমি ৰহ; হামি এক লৰমে যাইকে তাক পাকুৰি লৈ আনেগা। (কুলীৰ পিচে পিচে লৰ ধৰে)৷