পৃষ্ঠা:গাওঁবুঢ়া.pdf/৬০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 ৰংদৈ।— টেকেলাই যিকন মৰম কৰিব, আমি পাইছোঁ! সেই দেখি মই আগধৰি মোৰ কেৰুযোৰ আৰু মৰ্ণিথোকা পিন্ধিয়ে আছোঁ; আইটীৰ মণিধাৰো পিন্ধাই থৈছোঁ। কবৰ শুনিছোঁ, বোলে, চৰ্কাৰৰ ঘৰৰপৰা কুৰুক্‌ কৰিলেও হাতৰ-কাণৰ খহাই নিবৰ আয়ণ নাই।

 ভোগ।— জানো, সেইবোৰ মই বুজি নেপাওঁ! কিন্তু, মোৰ মনেৰে তহঁতক পিন্ধি উৰি থকা দেখিলে, টেকেলাই সৰহকৈ আছে বুলি বৰকৈ পেৰিবলৈ হে ধৰিব, একোকে নেৰে।

 ৰংদৈ।— বাৰু, থৈ দে তহঁতৰ বুধিখন। যমৰ দূত যেন টেকেলাই পোৱাখিনিত যিখন এৰিব আমি এতিয়াই জানিছোঁ। সি বেইচা ৰামহৰিৰ ঘৰ কুৰুক কৰোঁতেই দেখি--ছোঁ--অ, থাক্ মেনে মেনে থাক্, সৌৱা ওলালহি!--

(এটা মানুহৰ সৈতে টেকেলাৰ প্ৰৱেশ)

 ৰংদৈ।— (ঢৰাখন আগবঢ়াই দি) আহক, ইয়াতে বহক। মই তামোল-ছালি আনোগৈ।

 টেকেলা।— আমাৰ বহিবৰ আৰু তামোল খাবৰ সময় নাই। চৰ্কাৰী কাম কৰি লওঁ। তাৰ পাচত হে তামোল-ছালি।

(ভোগমন মূৰে-কপালে হাত দি বহি আছে)

 ৰংদৈ।— এ, আই, চৰ্কাৰী কাম হ'ল বুলি নো দুখীয়াৰ ঘৰত ছালি এডোখৰো খাই যাব নেপায় নে? বহক, তামোল এখন খায়ো যকচোন। চৰ্কাৰী কাম বুলিলে আমাৰ জনৰো এই নিচিনা লৰা-ঢপৰা।

 টেকেলা।— যাম কলৈ? চৰ্কাৰী কাম তহঁতৰ ঘৰতে। এতিয়া ফাঁকি-ফুকাৰ দৰকাৰ নাই, বস্তু উলিয়াই দে; নহ'লে মই ভিতৰ সোমাবলৈ পালে একো নেথাকে। (ভোগমনলৈ চাই) হেৰ, বৰ গাওঁবুঢ়াটো, এতিয়া তললৈ মূৰ কৰি গুণি থাকিলেই আমাৰ চিকাৰূপ কেটকা ওলাব নে?