পৃষ্ঠা:গাওঁবুঢ়া.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫। অঙ্ক।
প্ৰথম পট,—ভোগমনৰ মাৰল-ঘৰ।
(ভোগমন, ৰংদৈ আৰু জেতুকী)
(জেতুকীয়ে ফটাকানিৰ দৰা-কন্যা সাজি উমলি আছে)

 ৰংদৈ।— এতিয়া আৰু ঘুমনি ধৰি বহি থাকিলেই হ'ব নে? কি পাৰ এটা উপায় কৰহঁক। আজি নাজিৰৰ টেকেলা ঘৰ-কুৰুক্‌ কৰিবলৈ ওলাবহি নহয়?

 ভোগ।— (হুমুনিয়া কাড়ি) এৰা, ওলাবহি। ওলায়হি হে লাগে; মই আহোঁতেই শিৱলাল কেঞাৰ গোলাৰ আগত লগ পাই আহিছোঁ। কিন্তু কি কৰিম, নিৰুপায় হ'লোঁ।

 ৰংদৈ।— কিয়, বৰ কাপোৰখন বেচিও নো এটা কিস্তিমানৰে জোৰা মাৰিব নোৱাৰিলিনেহঁক?

 ভোগ।— এটা কিস্তিত দিহা কৰিলে কি হ'ব? মৌজাদাৰে দুয়ো বছৰৰ চাৰি কিস্তিৰ কুৰুকি একেলগে দিছে! ইফালে টানত পৰিলে কেঞাবেপাৰীয়েও কাপোৰ-কানি কিনোতে এধামূলীকৈ ল'ব খোজে। এতিয়া আকৌ খেজেনাৰ টানত পৰি যেয়ে-সেয়ে কাপোৰ এধামূলীয়াকৈয়ে বেচিছে। মোৰ আগতে কচুখোৱাই দুখন বেচি হে এটা কিস্তিৰ জোখাৰে ১৩৲ টকা ৰূপ লৈ গৈছে। আমাৰ সেই একেডোখৰ বৰকাপোৰ; তাকে লৈ গলোঁ, ৭৲ সাত টকাতকৈ সৰহ দিবলৈ কোনো নোলাল দেখি ওলটাই লৈ আহিলোঁ।

 ৰংদৈ।— তেন্তে নো কি উপায় হ'ব এতিয়া?

 ভোগ।— উপায় আৰু কি আছে? লামলাকতি যি কেডোখৰ আছে, তাকে কুৰুক্‌ কৰি লৈ যাবহি। টেকেলা আহিলে, তামোল-পাণ এটা দি ধৰি চাম, সি মৰম কৰিলে অলপ কিবাকিবি এৰি গলেও যাব পাৰে।