পৃষ্ঠা:গাওঁবুঢ়া.pdf/৫৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 কচু।— ভাল কৈছে দেউতা, আগেয়ে নেভাবি-নিচিন্তি এই হাড়-মাল চপাই লৈছিলোঁ দেখিতো এতিয়া তাৰ পোটক পাইছোঁ। নহলে নো ঘৰে-পৰে আমাৰ শান্তি নোহোৱা হয় নে?

 ভোগ।— সঁচা কৈছা,মোৰ ককাইটি! সেই পাকত হ'লে মোৰ জীনত সকাম নাইকিয়াই হ'ল। সিদিনা লঘোনে-ভোকে—

 ৰত্ন।— (খঙ্গেৰে) হেৰ, কপটীয়া ফাঁকিদাৰহঁত, তহঁতৰ দুখ-বেজাৰৰ টোপোলা মোক মেলি দেখাব নালাগে। তহঁতক মোৰ লেঠাৰ কথা বুজাই কৈ কাম কৰিবলৈ ক'ম, তহঁতে মোৰ আগত নিজৰ দুখ-বেজাৰ কৰি দেখাবি! এইদৰে থাকিলেই আমাৰ কাম সিজিব নহয়? এতিয়া আৰু সেইবোৰ থৈ দে; লোকৰ খাজনা গোটাই দি আমাক যি চহকী কৰিছহঁক সেইটো তহঁতেই বুজিছ; এতিয়া নিজৰ নিজৰ খাজনা দিবহি লাগে। ৰজাৰ খাজনা নিদিলে নহয় বুলি নাজান হ'বলা? নাই, মোৰ বৰপেৰা ভৰাবলৈ দিব লাগে?

 কেৰপাই।— সেইটো নো কেলেই ক'ব লাগিছে দেউতা! ৰজাৰ খেজেনা, গুৰুৰ কৰ, এইবোৰ বছৰি শোধাবলগীয়া বাব, দিবই লাগিব। ময়ো বছৰি দিয়ে আছোঁ, ঘৰত পয়মাল হোৱাত হে এইবেলি পলম হৈছে; কাইলৈমানে দি যামহি। নিদিলে হ'ব নে?

 কচু।— দেউতা, মোৰ ঘৰত এইবেলি বৰ পয়মাল! সাইধতে আগকিস্তিৰ খিনিকে দিমহি, বাকীখিনিৰ নিমিত্তে দেউতাই অলপ দিন দিব।

 ভোগ।— (ইফাল-সিফাল কৰি) দেউতা-ঈশ্বৰ, মই হ'লে নিচেই নিচলা। সিহঁতৰ তেও ঘৰত দুই চাইটা কৰোঁতাই আছে। মোৰ হে—

 ৰত্ন।— (খঙ্গেৰে) নিচলা বুলিলেই গা জুৰাব নহয়? মোৰ মৌজাত যিমান দুখীয়া-নিচলা আছে, তেন্তে সকলোকে মাফ দি মই চাপৰি ধৰোঁ! তই তো কটা, গাওঁবুঢ়া হ'বৰ দিনৰেপৰা দুবছৰ খাজনা মুঠেই পইচা এটাকে দিয়া নাই। এইবাৰ আৰু মই মুখলৈ নাচাওঁ।