পৃষ্ঠা:গাওঁবুঢ়া.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ভোগ।— (কাওঁবাওঁকৈ) দেউতাই মাৰে, তাৰে, সেইটো দেউতাৰ ইছা। কিন্তু, বন্দীক অলপ কিৰ্‌পা কৰিব লাগে। চৰ্কাৰী কামত ফুৰোঁতেই কোনো ফালৰ পৰা যোগাৰ কৰিব নোৱাৰিলোঁ; মই নিচলাই দুবছৰৰ কেনেকৈ দিম? সিবছৰৰে এধামান পাওঁ নে কি বিচাৰি চাওঁগৈ।

 ৰত্ন।— (খঙ্গত গোৰোহনি মাৰি) মই তহঁতক জীয়াই নিজে মৰিব নোৱাৰোঁ। আজিক এৰি তিনি দিন সময় দিছোঁ, ইয়াৰ ভিতৰত খাজনা আদায় কৰি নিদিলেহি সত্যে কৈছোঁ, ঘৰ-ক্ৰোক কৰাম। তহঁতে দেখোন লাই পাই দাঁত মেলি দেখুৱাৱ। খৰমেৰে মূৰ ভাঙ্গিব দিছ নে কটাহঁত!

(মাৰে-মাৰে যেন দেখি গাওঁবুঢ়া তিনিওৰো বেগেৰে প্ৰস্থান)

(খন্তেক নিটাল মাৰি ৰৈ মৌজাদাৰৰ প্ৰস্থান)