পৃষ্ঠা:গাওঁবুঢ়া.pdf/৫৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 ভোগ।— (মূৰ মোহাৰি মোহাৰি) ৰইখা পৰিলোঁ, দেউতা! এতিয়া হে মোৰ জীৱ আহিছে।

 আৰ্দ্দলি।— বাৰু ৰইখা পোৱাম, ৰবি। (পৰি থকা গোটখৰি এডাললৈ দেখাই) এই গোট কাঠ খৰি দিবলৈ তহঁতক কোনে শিকাইছিল? এতিয়াই ফালি দে, চেলা, পাঁজি। (হেঁচুকি নিয়ে)

 ভোগ।— হেৰা, খৰি গোটাৱাৰ বাব মোৰ গাত নাছিল। বোলোঁ, গোটা খৰি মই দিয়াহি নাই, জানিছা নে? মোক এনেখন কিয় কৰিছাহঁক?

 চৰ্দ্দাৰ।— (ভোগমনৰ কাণত ধৰি) আও, শ্যালা, পাজি, বক্‌ বক্‌ নাই কৰিবি। আজি লাক্‌ৰি ফাৰি দিব লাগে।

 ভোগ।— হেৰ, মোৰ ঈশ্বৰহঁত! মই কাবৌ কৰি মাতিছোঁ, মোক এৰি দেহঁক। লঘোনীয়া গা এনেই অথিৰ হ'ব লাগিছে, টনা-আঁজোৰা কৰিলে মোৰ জীৱই যাব এতিয়া! মোক এৰি দিয়াহঁক আজিলৈ; মই সঁচাকৈ কৈছোঁ, কাইলৈ তোমালোকলৈকো বেলেগে হাঁহকণী লৈ আহিম।

 আৰ্দ্দলি।— আচ্ছা ভাই, উচ্‌কো আভি ছাৰি দেও। কালি নাই আনেগা তো ফেৰ দেখেগা। (চৰ্দ্দাৰে এৰি দিয়ে)

 ভোগ।— ভাল, মই যাওঁ এতিয়া, কাইলৈ পুৱাতে ওলামহি। কি বোলাঁ?

 চৰ্দ্দাৰ।— আচ্ছা, আভি যাও।

(ভোগমনৰ বেগেৰে প্ৰস্থান)

 আৰ্দ্দলি।— দোচোৰাঠো গাওঁবুঢ়াক ভি এই মাফিক কৰেগা দেই। ইচৰকম নাই কৰিলে চেলালোক কুছু নাই দেগা। তোম জান্তা?

চৰ্দ্দাৰ।— হ্যাঁ, হ্যাঁ, হাম আভি চমজ গিয়াহ্যাই। হাম্‌ভি বৰাবৰ ইস্মাফিক কৰেগা।

(দুইৰো প্ৰস্থান)