পৃষ্ঠা:গাওঁবুঢ়া.pdf/৫৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 আৰ্দ্দলি।— সেয়া, শুনক হজুৰ, সি নিজেই দোষ স্বীকাৰ কৰিছে; আৰু সি ঘৰত লুকুৱাই থৈ নাহিলে নো ৰাতিয়েই ৰচত দি যামহি বুলিবলৈ সাহ কৰে নে?

 ব: চা:।— হামি জানিছে, টুমি টিক ৰচদ লুকাই ৰাকিছে। টুমি বড়া লাটুৱা মানুহ টাকিছে। আচ্ছা, মৌজ্‌দাৰ যেটিয়া আহিবে আমি টেটিয়া হুদিবে। হেইটো কঠা ঠিক হলে হামি টোমাকে ফাটক দিবে।

 ভোগ।— (আতুৰ ভাৱে) হজুৰ, গোলাম, গৰিপ, মা-বাপ। মাৰেও মাৰক, কাটেও কাটক। মই হলে, অলপো মিছা ফাঁকি দিয়া নাই। দেহি ঐ, তেনে কৰিব পৰাহেঁতেন দেখোন, মোৰ এনে দশা নহয়েই!

 ব: চা:।— টুমি কি কৈছে?

 ভোগ।— হজুৰ, সঁচা কথাকে কৈছোঁ। বোলোঁ, গোলাম হজুৰক মই একো ফাঁকি-ফুকা দিয়া নাই। আৰু তেনে অইনাই কৰিব পৰা হলে মোৰ ইমান দুখ নহ'লহেঁতেন। ইমান দিনে বৰমানুহ হলোঁহেতেন।

 ব: চা:।—(খঙ্গেৰে) কি! অইনাই কৰিলে বড়া মানুহ হয়, হুক ফায়! টুমি বড়া লাটুৱা আছে, মই বুজিলে। আচ্ছা, টুমি দুক পালে এইঠো কাম কেলে কৰি টাকিছে?

 ভোগ।— (কাওঁবাওঁকৈ) হুজুৰ, হজুৰ, গোলামে কব নোৱাৰে।

 ব: চা:।— (হাঁহি হাঁহি) এটিয়া কেলে কব পাৰিবে! হামি জানিছে, লাব নাই টাকিলে টুমি এইঠো কাম কেলে কৰিবে? তুমি ৰায়তপৰা ঘুচ্‌ খাবলে গাওঁবুঢ়া হৈছে?

 ভোগ।— (ঘোচ খোৱা অৰ্থ বুজি) হয়, হজুৰ, ঢেৰ খাইছোঁ। আমাৰ কপালে কৰিছে! কি কৰিম?

 ব: চা:।— ঠিক কঠা। এই চব মৌজাদাৰকে হামি হুদিবে। আভি টুমি যাব ফাৰে।

(চাহাবৰ প্ৰস্থান)