পৃষ্ঠা:গাওঁবুঢ়া.pdf/৪৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 ৰংদৈ।— (হাত মুখ জোকাৰি) উ-উ, এতিয়াহে তৰিলোঁ! ধন সোপাকে চপাই দিলেহি! সেই হেঁকেৰ পেঁকেৰ ঢেঁকীটোৰে — ছোৱালীটীৰ হাতখনো খুন্দিলোঁ !— চাউলকেইটা কাঁৰি লৈ বহাবলৈ ওলাইছোঁ, এনেতে সিফালে ভেদুৰীৰ মাকে চিয়ঁৰি ক'লে, বোলে, দেখৰ উদঙ্গীয়া গৰুৱে ধানডৰা খাই ঢুকুৱায় এতিয়া! তেতিয়াৰেপৰা এইখিনি পৰলৈকে নৰাণিয়ে-নৰাণিয়ে গৰু খেদি ফুৰোঁতেই হাইৰাণ হলোঁ। এতিয়া মুঠে জেং-খৰি লুৰি আনি, গাটো ধুই আহি, আখাত জুই দিছোঁগৈ, আমাৰ ৰচত তুলিবলৈ যোৱা বিষয়া পালেহিয়েই।

 ভোগ।— অ, আখাত এতিয়া জুই হে দিছ! তেনেহ'লে আৰু আমাৰ ভাত খোৱা হৈছে! বেলি ভাটী দিয়াতে ৰচত-পাতি নি যোগাবগৈ লাগে বুলি হাকিমে কৈছে; এতিয়া দুপৰ ভাটী দিলেই, এই অলপ সময়ৰ ভিতৰত নো কেনেকৈ কি কৰোঁগৈ নিৰুপায়! মই যাওঁৱেই তেন্তে , গা নোধোওঁ আৰু।

 ৰংদৈ।— (মনৰ খং মনতে মাৰ নিয়াই কোমলকৈ) ভাত কেটা সিজোঁতে নো কিমান পৰ লাগিছে। উতলিছেই, লগতে হ'ব। শুদাই-নিকাই এমুঠি খাই যাহঁক। মই যাওঁ, খৰধৰ কৰোঁগৈ। (বেগেৰে ভিতৰলৈ গৈ, বাপেকক ভুলাই ৰাখিবলৈ জেতুকীক পঠিয়াই দিয়ে গৈ)

 ভোগ।— কি কৰোঁ এতিয়া! (নিটাল মাৰি ভাবে; জেতুকীৰ প্ৰৱেশ)

 জেতুকী।— (ঢেঁকীয়ে খুন্দা হাতখন দেখুৱাই কান্দি কান্দি) বুপাই! চাচোন আয়ে আজি মোৰ হাতখন কেনেকৈ খুন্দিলে!

 ভোগ।— চাওঁ, মোৰ আইক ক'ত খুন্দিলে চাওঁ;(জেতুকীৰ হাত চাই) দেহি ঐ, মোৰ আইক কেনেকৈ খুন্দিলে! কেলৈ নো গৈছিলি?

 জেতুকী।— আয়ে আকৌ বোলে চাউল কেটা কাঁৰি লওঁ, বঢ়াই দেহি। বঢ়াই থাকোঁতে এবেলি হাততে থোৰাটো পৰিল!