পৃষ্ঠা:গাওঁবুঢ়া.pdf/৪৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 ভোগ।— দেহি ঐ, মই নো কি ভাত খাবলৈ আহিছোঁ ঐ! হে হৰি! কি কৰিম! সিফালে বেলিও হ'ল, ইখনত্‌‌‌‌কৈ সিখনহে টান হ'ব পিচে; যাওঁ।

(জেতুকীক চুমা দি, বেজাৰ মনেৰে প্ৰস্থান)

 জেতুকী।— (পিচৰ পৰা) বুপাই, মোলৈ পকা পনীয়াল আনিবি দেই।

 ৰংদৈ।— (ওলাই আহি) হেৰ, বাপেৰ গ'লেই নে কি? কিমান পালেগৈ?

 জেতুকী।— ওঁ, বেলি হ'ল বুলি গ'লগৈ তো। বেগাই গৈছে।

 ৰংদৈ।— হেঁই আঁকৰীজনী! নেযাবি বুলি কবও নোৱাৰিলি! (বহি, কপালত হাত দি) ভাল হ'ল এতিয়া, দিনটো শুকাই-উবাই মৰকগৈ আজি! ৰাতিপুৱাৰে পৰা ঘূৰি ফুৰি ঘৰ ওলাইছিলহি, আকৌ বাহী গাৰেই যাব লগা হ'ল! দেহি ঐ, দুপৰীয়া আহি পাওঁতেই মই কূলৈখনীয়ে নো জুয়ে ধৰাদি কিয় ধৰিছিলোঁ ঐ! খায় ধান খাব পায়, মই নো কেলৈ গৈছিলোঁ ক'ব নোৱাৰোঁ! থক, আমিও নেখাওঁ, ভোকতে মৰোঁ! (মুখত ৰিহাৰ আঁচল দি কান্দে; জেতুকীয়েই মাকৰ ডিঙ্গিত ধৰি কান্দিবলৈ ধৰে)