পৃষ্ঠা:গাওঁবুঢ়া.pdf/৪৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


এই বুঢ়াকালত যেনিবা ভাল লটি-ঘটি হৈ মৰিবলৈ কপালত আছিল। কিনো হ’ব ক’লে, তই অহাৰ অলপৰ আগতে মোকো ভালকৈয়ে থেকেচনি এপালি দি থৈছিল।

 ভোগ।— এৰা ককাই, মই নেভাবি-নিচিন্তি আপোনা-আপুনি আপদ চপাই ললোঁ! হওঁতে, তয়ে হে মোৰ এনে দশা কৰাৰ গুৰি। মোৰ এনে বধৰ ভাগী তয়ে হে হলি ককাই! সেই দিনা যদি তই মোক অইনাইকৈ কুলী ধৰি নিদিলিহেঁতেন, মই নো কেলৈ এই হাড়-মাল চপাই লওঁ!

 কচু।— এ, বুপাই, মোক নো কিয় দুষিছ? এতিয়া গাতে নেপাইছ? চৰ্কাৰী কাম নকৰিলেও নহয় দেখি হে টানত পৰি তোকো কুলী ধৰি দিলোঁ। (চাঁতকৰে মনত পৰি) অ, আজি আমাৰ কামৰ ভাৰখন কম নহয় ঔ বুপাই! বল, এতিয়া ঘৰলৈ বল। ভাতমুঠি খায়ে যাওঁগৈ বুপায়! নহ'লে, গধূলিকৈ ইয়াতকৈও ভাল জলপান আছে। ইখনতকৈ সিখন হে টান হ'ব।

 ভোগ।— এৰা, ভাল কৈছ ককাই! যাওঁ, যাবি দেই।

(ভোগমনৰ প্ৰস্থান; টেপেৰাৰ প্ৰৱেশ)

 কচু।— অ, টেপেৰা ভাইটি, কলৈ যাব?

 টেপেৰা।— কলৈ নো যাম, ককাইটি, কুলী ধৰিবলৈ যাওঁ। কাইলৈ পুৱাতে বোলে বৰচেহাব আৰু ছোটচেহাব মকচললৈ যাব; আজি আবেলিকৈ থেনাত দহোটা কুলী হাজিৰ কৰিবগৈ লাগে। মৌজাৰীয়ে তত্ দিয়া নাই। ভাতমুঠি খাই তিতাহাতেই ওলাই আহিছোঁ; মুহুদি কৰিবলৈকে নেপালোঁ। ককাই, ৰহচোন, গাঁটিৰ গুৱা অকণকে দেচোন।

 কচু।— আও, বহি মৰিব দিছ নে? মৌজাৰীয়ে মোক ৰচত গোটাবলৈ পাচিছে। আজি আবেলিকৈ বৰচেহাবৰ বাহৰত খৰি, মাছ, পাচলি যোগান দিবগৈ লাগে। কি কৰোঁ, উপায় নাই! ভাতৰ পাতত বহিবলৈকে আজৰি নেপামহে কি জানি। যাওঁ; যা, যা, যা। (দুইৰো দুফালে প্ৰস্থান)