জেতুকী।— (পিৰালিত বহি নাম গায়) "ৰ'দালি এ ৰ'দ দে। আলি কাটি জালি দিম বৰপীৰা পাৰি দিম তাতে বহি ৰ'দ দে।" (ঘূৰাই ঘূৰাই গাই থাকে)
ভোগ।— (পুৱা শুই উঠি আহি চকু মোহাৰি মোহাৰি) হেৰ, শুনিছ নে, এইপিনে আহ। (আপোনা-আপুনি) এতিয়াই নগ'লে, খেজেনা দিবলগীয়া মানুহবিলাকক ঘৰত পোৱাগৈ টান হ'ব।
ৰংদৈ।— (বৰঘৰৰপৰা ওলাই আহি) কি হ'ল? কেলৈ?
ভোগ।— সেই ভদৰীচুকৰ নিধক মানুহবিলাকে আজিলৈকে মৌজাদাৰৰ খেজেনা পইচা এটাকে দিয়াহি নাই; মৌজাদাৰে কালি গধূলি খঙত একোনাই কৰিছে! মই তালৈকে যাওঁ, পলমে হে ওলামহি। তামোল গোটাচেৰেক আৰু পাণ বিৰাদিয়েক বান্ধি গামছাখন লৈ আহ।
ৰংদৈ।— (মুখ জোকাৰি) উ, উ, মই বোলোঁ কিবাটোহে হ'ল! মৌজাৰীৰ কামতে এইদৰে সদায় টলৌ টলৌকৈ ফুৰি থাকিলেই ভাত-কাপোৰ এটাইবোৰ আপুনি হ'ব।
ভোগ।— কিনো কৰিম বাৰু! সেই বুলি, চৰ্কাৰী কাম নকৰি পাৰি নে?
ৰংদৈ।— চৰ্কাৰী কাম নকৰি নোৱাৰি হয়, পিচে আমি হ'বলা ইফালে নেখাই মৰিব পাৰোঁ? তেন্তে চৰকাৰে আমাক এটা জীৱিকাৰ উপায় নিদিয়ে কিয়? ঘৰৰ খাই পৰৰ হৈ খাটি মৰা ক'ত আয়ণ আছে?