পৃষ্ঠা:গল্প সংকলন.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
বননিৰ অনুৰাগ

মালিক ৰাজাবাবুৰ ইচ্ছাৰ পথত কোনে বাধা দিয়ে? বুদ্ধিমানে টকা পইচা আৰু প্ৰলোভনৰ দ্বাৰাই মানুহক হাত কৰে আৰু কাম সমধা কৰে।

 প্ৰভুভক্ত মুৰ্খ পাহাৰী! সিহঁতে অতিথি সৎকাৰ ভালকৈ জানে! ৰাজাবাবুৰ ভক্ত সৰ্দ্দাৰ সকল স্বাৰ্থপৰ, লোভী আৰু সুবিধাবাদী। এই কথা বহুদিন পিচতহে এচাম পাহাৰী ডেকা-গাভৰুৱে ভালদৰে উপলব্ধি কৰিলে; স্বাৰ্থপৰ সৰ্দ্দাৰ হঁতৰ চক্ৰান্তত ৰাজাবাবু আৰু চিকাৰী হঁতৰ কামনা লালসাই পাহাৰী ডেকা-গাভৰুৰ সংসাৰত জুই জ্বলাইছে। সিহঁতে ভাবে, দুখীয়া অশিক্ষিত হলেও সিহঁতো মানুহ। ডাঙৰ লোকৰ দৰে সিহতৰো মান ইজ্জৎ আছে। কিন্তু বেচেৰাহঁতে মুখ খুলি প্ৰতিবাদ কৰিব নোৱাৰে প্ৰানৰ ভয়ত। সৰ্দ্দাৰ হঁতৰ ভয়ত। কিন্তু পাহাৰী ডেকা কেইজনমানৰ প্ৰতিহিংসা জুই অন্তৰে অন্তৰে জ্বলি থাকে। ৰাজাবাবুৰ বিৰুদ্ধে এটা গোপন ষড়যন্ত্ৰ গঢ়ি উঠিল।

 এদিন ৰাতিপুৱা ৰাজাবাবু আৰু চিকাৰী দল চাহ মেলত বহি চিকাৰৰ নানা গল্প কৰিছে। হঠাতে এটা দুঃসংবাদে আনন্দময় শিবিৰ-আকাশ বিষাদৰ কলা ডাৱৰে ঢাকি পেলালে। এজন মাউত আৰু গাওঁবুঢ়াই লৰি ধাপৰি আহি খবৰ দিলে যে, ৰাজাবাবুৰ প্ৰিয় হস্তিনী ‘বনমালা’ লোৰ শিকলি চিঙ্গি কৰবালৈ গুচি গৈছে। মাউতজনে বনমালাক নেপালী বস্তিত গাওঁবুঢ়াৰ ঘৰৰ ওচৰত বান্ধি ৰাখিছিল। কাৰণ অটব্য অৰণ্যৰ মাজত এজনী মাখুণ্ডী হাতী কেম্পৰ ওচৰত ৰখা বৰ বিপদজনক—এই কথা হাতী চিকাৰীয়ে জানে। গাওঁবুঢ়াই আৰু কলে যে, মাজৰাতি বনমালাৰ কৰুণ আৰ্ত্তনাদ শুনা গৈছিল। বোধহয় হাতীৰ দলপতি ‘গুণ্ডাই’ বনমালাক মাৰি কিলাই, লোহাৰ শিকলি ভাঙ্গি হাবিৰ মাজত সিহঁতৰ দলভুক্ত কৰিলে। ৰাজাবাবু আৰু লগৰীয়া সকলে সেই কথা বিশ্বাস কৰিলে।