তাৰো তীব্ৰ ঘৃণা আছে। মিলিটাৰীত ভৰ্ত্তি হোৱা মানে দেশদ্ৰোহিতা—? উপায়হীন!— পেটৰ জ্বালা কোনে আওকান কৰিব পাৰে? সি যুদ্ধত যোগদান কৰিলে সাম্ৰাজ্যবাদী বিদেশী চৰকাৰৰ কাৰণে। প্ৰথমে সি নিজক আৰু তাৰ ঘৰখন বচাই ৰাখিবই লাগিব---এয়ে তাৰ প্ৰথম কৰ্ত্তব্য।
এদিন ৰাতিপুৱা ৰাচিদে সকলোৰে পৰা বিদায় ললে তাৰ মৰমৰ ঘৈণীয়েক যুবতী আমিনাক আৰু বুঢ়ী মাকক একমাত্ৰ খোদাৰ মৰ্জ্জীতে ৰাখি। সি শ্বিলঙলৈ ৰাওনা হল—সজত সি পদাতিক সৈন্য বাহিনীত ভৰি হলগৈ। শিক্ষা শিবিৰত প্ৰায় দুমাহ কাল শিক্ষা লোৱাৰ পিচত তাক সশস্ত্ৰ বাহিনী এটাৰ লগত বৰ্ম্মা— যুদ্ধলৈ পঠোৱা হল—জাপানী আক্ৰমণ ব্যৰ্থ কৰিবলৈ। সিহঁত যেনিবা ভেৰাৰ পালৰ দৰে; কিন্তু বৰ অনিচ্ছাৰে ৰাচিদ গলগৈ। ওপৰৰ হুকুম পালন কৰিবলৈ সকলো সৈনিক বাধ্য। সদায় তাৰ মনত পৰে তাৰ ঘৰত বুঢ়ী মাকৰ মৰম চেনেহ আৰু মৰমী ভাৰ্য্যাৰ সেৱা-যত্ন। যুদ্ধক্ষেত্ৰত সৈনিকৰ কঠোৰ জীবন যাপন আৰু জীবন-মৰণৰ লগত অবিৰাম খেলা। স্বৰ্গ-নৰকৰ পাৰ্থক্য!
ৰাচিদে সৈন্যবোৰৰ লগত পৰ্ব্বত-পাহাৰ, নদী, হাবিবন অতিক্ৰম কৰি আগবাঢ়ে। অতি দুৰ্গম বাট-পথবোৰ-বোকাপানী, ৰদ-ধুমুহা, বোমবৰ্ষণ সকলো আওকান কৰি সিহঁত ক্ৰমে আগ বাঢ়িছে, শত্ৰুৰ লগত যুজিবলৈ মৰ- নৰ লগত খেলা কৰিবলৈ। এইদৰে প্ৰায় ছয় মাহ কাল অতীত হল।
এতিয়া আমিনা হতৰ কোনো অৰ্থিক অনাটন বা কষ্ট নাই। টকায়ে মানুহক সকলো সুখ শান্তি দিব নোৱাৰে। বিৰহ বিধুৰা যুবতী আমিনা আজি অসুখী। তাই এই যুদ্ধখনক পাৰে মানে গালি পাৰে কাৰণ যুদ্ধখনে; তাইৰ স্বামীক কাঢ়ি নিছে তাইৰ বুকুৰ মাজৰ পৰা। —মৃত্যুৰ গহবৰলৈ টানি নিছে তাইৰ ৰাচিদক। কোনো জানে, এই যুদ্ধই তাক গ্ৰাস কৰিৰ পাৰে? আমিনাৰ অশান্ত, অবুজ প্ৰাণে কান্দি উঠে তাইৰ স্বামীৰ কাৰণে। যুদ্ধত মানুহ মৰে? —যুদ্ধ? —মৃত্যু??