পৃষ্ঠা:গল্প সংকলন.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শিল্পীৰ হেৰোৱা সপোন


পৰা বিখ্যাত কবি, নাট্যকাৰ, সঙ্গীতজ্ঞ, কলাবিদ সকলে উৎসৱত যোগ- দান কৰে।’

 তেনেহলে, সি বাটে বাটে ভাবি যায়, —তাৰ দৰে এজন নগন্য অজ্ঞাত শিল্পীৰ হেৰোৱা সপোনটো এদিন নিশ্চয় বাস্তৱত পৰিনত হবই।

⸻:০:⸻


কেম্পত এৰাতি

 দুৰ্গাপূজা উপলক্ষে ইউনিভাৰচিটি বন্ধ আছিল। বন্ধৰ দিন কেইটা হোষ্টেলতে শুই বহি নকটাই কলিকতাৰ বাহিৰত ফুৰিবৰ মন গৈ আছিল। ৰাতিপুৱা চাহ খাবৰ সময়ত আমাৰ চাকৰ জনে জলপানৰ লগতে মোৰ চিঠি এখন মেজত ৰাখি গৈছে। আগেয়ে এনভেলাপটো খুলি চিঠিখন পঢ়িলো—মোৰ প্ৰিয় বন্ধু মিঃ বৰুৱাই মোক নিমন্ত্ৰণ কৰিছে—এদিন তেওঁ- লোকৰ কেম্পলৈ যাব লাগে। কলিকতাৰ পৰা কেই মাইল মান দুৰৈত ইচ্ছামতী নদীৰ পাৰত তেওঁলোকে শিবিৰ (কেম্প) কৰি সেই অঞ্চলত চৰ- কাৰী জৰিপকাৰ্য্য কৰিছে। যাহক, মোৰ কাৰণে নতুন ঠাই, বিশেষকৈ বৰুৱাক দেখা কৰিবলৈ মোৰ মন উত্ৰাবল, কাৰণ কলেজ এৰাৰ পৰা আমাৰ এদিনো দেখাদেখি হোৱা নাই।

 মোৰ গন্তব্য স্থানলৈ কলিকতাৰ পৰা বাছেৰে প্ৰায় পাঁচ ঘণ্টাৰ বাট। সিদিনা আবেলি বাছত উঠিলো জনপূৰ্ণ ব্যস্ততা আৰু কোলাহল পিচত থৈ বাছখনে তীব্ৰ গতিৰে পশ্চিমবঙ্গ গ্ৰামাঞ্চলত প্ৰবেশ কৰিছে। ৰাস্তাৰ