পৃষ্ঠা:গল্প সংকলন.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
গল্প সঙ্কলন ২য় ভাগ


দুয়োকাষে থকা গাওঁ, টাউন, আশ্ৰম, খেতিপথাৰ হাৰিতলী ইত্যাদি অতিক্ৰম কৰি অবশেষত ইছামতী নদীৰ পাৰত বাছখন থামিল। বৰু- ৱাহঁতৰ জৰিপ শিবিৰ (Survey Camp), নদীৰ দৃশ্য, পাল তৰি যোৱা নাওবোৰ, গাঁৱৰ প্ৰাকৃতিক শোভা সৌন্দৰ্য দেখি মন বৰ ভাল লাগিল। নাৱৰে নদী পাৰ হৈ দেড় মাইল খোজ কঢ়াৰ পিচত প্ৰায় সন্ধিয়া সময়ত শিবিৰ পালোগৈ। মোক দেখামাত্ৰকে বৰুৱাই হাতৰ কাগজ কলম দলিয়াই থৈ চিঞৰি উঠিল—“এই যে শৰ্ম্মা। আপনি আহিলে?” এনে জন বিৰল ঠাইত মোক দেখি তেখেত কম আচৰিত হোৱা নাই। মই নেযাম বুলিয়ে তেওঁৰ ধাৰণা আছিল।

 যাহ’ক বৰ আদৰ সাদৰ কৰি বৰুৱাই মোক কেম্পৰ ভিতৰলৈ মাতি নিলে আৰু নিজৰ বিচনাৰ ওপৰত সম্মানিত অতিথিৰ দৰে বহুৱালে। বৰুৱাৰ আতিথ্য আৰু আন্তৰিক ব্যৱহাৰত অতিকৈ মুগ্ধ হলো। আজি বহুদিনৰ মূৰত এজন কলেজীয়া বন্ধুৰ মিলন, গতিকে উভয়ৰে পৰম আনন্দ হল আৰু এইদৰে দুই বন্ধুৰ ভিতৰত নানা বিষয়ে কথা চলিব ধৰিলে।

 চমৎকাৰ আবহাওয়াৰ মাজত থাকি ভ্ৰমণৰ দুখকই পাহৰিলোঁ। চাকৰজনে সৰু মেজখন আমাৰ ওচৰত ৰাখি গল। ভোজনৰ পূৰ্ব্বাভাস বলি বুজিলো। অলপ পিচতে মেজৰ ওপৰত চাহৰ ট্ৰে এখন থোৱাৰ লগে লগে আমাৰ কথাবতৰা বন্ধ হল। ওচৰলৈ চাই দেখো— এজনী গাভৰু ছোৱালী, মুখত লাজ সঙ্কোচৰ মধুৰ হাঁহি। মই মুখেৰে একো নামাতি বৰুৱাৰ চকুৰ ফালে চাই পঠিয়ালো। বৰুৱাই কলে—“মিচেচ বৰুৱা অৰ্থাৎ মোৰেই সহধৰ্ম্মিণী।” বিস্ময়-কৌতূহল পূৰ্ণ চকুৰে বৰুৱাৰ ফালে অবাক হৈ চাই থাকিলো। বৰুৱাই হাঁহি কলে—“আমাৰ পৰম সৌভাগ্য যে—আজি আপোনাক ইয়াত পাইছো।” তিৰোতাজনীৰ চকুমুখ হাঁহিৰে বিকসিত।