পৃষ্ঠা:গল্পাঞ্জলি.pdf/৫৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
৪৭
সন্ন্যাসিনী

যিদৰে ভেট ফুলপাহে জোনলৈ পোনাই চায়, ময়ো মোহনৰ প্ৰতি সেইদৰে চাই ৰলোঁ; কিন্তু মহিমা, তাৰ হলে প্ৰতিদান নহল! লাহে লাহে সেই আশা ফেৰাও অন্তৰ্হিত হল। মনে মনে ভাবিলোঁ, কলেজৰ বিজ্ঞান, দৰ্শন বা সাহিত্য প্ৰভৃতিৰ মাজত প্ৰেমৰ আলচ পতাৰ সময় সমূলি নাই; ভালপোৱাৰ কথা ভাবাৰ অবসৰো বৰ কম! কলেজ বৰ কঠুৱা! কিন্তু, লালসাই এনে কথা মানিব কিয়? অলপ-অলপকৈ ঢিলাই দিলে যেনেকৈ বৰ কঠিন বান্ধো সোলোক-ঢোলোক হৈ আহে, ভালকৈ পতি নকৰিলে যিদৰে তেজাল পুলিটিও বৃদ্ধি পায়, সেইদৰে মোহনৰ প্ৰতি সেই ভালপোৱা ভাব, যিহৰে অভাৱত হওক, লাহে লাহে ক্ষীণাই আহিল৷ শেহত মোহন স্মৃতি-সপোনৰ নিচিনা হৈ পৰিল। কিন্তু, একো বেয়া নাভাবিবা মহিমা, যৌৱনৰ তেজৰ বলত ভালপোৱা আৰু প্ৰেমৰ লক্ষণ সচৰাচৰ এনেই হয়; কাৰণ অতৃপ্ত বাসনা!

( ৭ )

 “এই অতৃপ্ত বাসনা আৰু অদম্য ইন্দ্ৰিয় বেগে মোহনক ক’ত উটাই-বুৰাই নিলে তাৰ ঠিক নহল৷ মনে আৰু নতুন বিচাৰিলে। এই বাৰ ঘনশ্যাম নামে এজন যুবা মোৰ বাসনাত আলহী সোমাল৷ মহিমা, বেজাৰ নাপাবা, মোকো নিলাজী নুবুলিবা, যৌৱনৰ মত্ততাত মানুহে বিবেকৰ বিৰোধে নাভাবি নুগুণি বহুত পাপ কাম কৰে। কবলৈ লাজ লাগে, ঘনশ্যামৰ লগত মোৰ অবৈধ প্ৰণয় ঘটিল।