পৃষ্ঠা:গল্পাঞ্জলি.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
সন্ন্যাসিনী

মনে মনে থাকিল। মোৰ মনে হলে নামানিলে। নিবলত কথাৰ মূৰত ককাইদেৱক সুধিলোঁ, কেনে জ্বৰ৷ শুনিলোঁ, মোহনৰ জ্বৰ টান, বাঁচিবৰ আশা সমূলি নাই। যদি বাঁচি উঠে, সি আয়ুসৰ জোৰ। মনৰ পিঠিত গধুৰ বোজা দি মনে মনে শুই থাকিলোঁ। ৰাতি টোপনি নহল : যিখিনি সময় অলপ চকু লাগিছিল, তাতে বহুত বেয়া সপোন দেখিলোঁ৷

( ৫ )

 “পূজাৰ বন্ধ শেষ হোৱাত ককাইদেও আকৌ কলিকাতালৈ গল। এইবাৰো মোহনৰ খবৰ-বাতৰি লিখিবৰ কথা কব খুজিছিলোঁ; ইবাৰো লাজে ভেটা দিলে। মনৰ গতি বৰ অদম্য। দিনকে দিনে মোহনৰ কথা ভাবি, তেওঁ ভাল হল নে নাই সেই চিন্তাতে বলিয়াৰ নিচিনা হলোঁ। মনত শান্তি নাই; খোৱা-লোৱাতো সুখ নাই। পাছে ক্ষীণাই যাবলৈ ধৰাত পিতাদেৱে দৰব-পানী দিলে; ফল হলে একো দেখা নগল। সবশেহত মনৰ বেগ সামৰিব নোৱাৰি মোহনৰ নামে এখন চিঠি লিখিলোঁ। কিন্তু ঠিকনা ককাইদেৱৰ নামে দিলোঁ। তলত নাম দিলোঁ পিতাদেৱৰ। উচিত সময়ত তাৰ উত্তৰ পোৱাত হে মনে পতিয়ন মানিলে।

( ৬ )

 “পূব আকাশত ৰাঙলী বেলিটি ওলালে পদুমপাহে যেনেকৈ পোনাই চাই থাকে, ৰূপহী জোনৰ ৰূপালী কিৰণত মুগ্ধ হৈ