পৃষ্ঠা:গদাধৰ.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯২
গদাধৰ।


বাজিছে বিষম মাতৃৰ বুকুত মোৰ!
ৰজা হোক গদাপাণি, নাই মোৰ খেদ,⸺
আনন্দত বাজে মই নকৰোঁ আক্ষেপ,
—ৰজা ভাঙ্গি এৰে যদি প্ৰাণে মোৰ ‘লৰা’।
কিন্তু হাঁয়, কিবা জানি, বধিব বাছাক,
ৰাজদ্ৰোহী দলে! —কি হব উপায় তাৰ,
কোৱাঁ ডাঙ্গৰীয়া!
বঃ গোঃ—সঁচাকে’ আহিছে গদা।
কিন্তু ভয় দেখা নাই লৰা-ৰজালই,
নবধে জানিছোঁ প্ৰাণে। আৰু জানোঁ, মাও!
ৰক্তপাত পাৰ্য্যমানে নকৰে ফুকনে;—
অহা নাই দিবলই ৰণ, পাৰে যদি
নিৰ্বিবাদে সাধিব উদ্দেশ্য। শান্তি স্থাপি
যাব আহি; এয়ে জানোঁ, ইচ্ছা ফুকনৰ।
ৰাখিম যতন ময়ো, নিৰ্ব্বিবাদে যাতো
কাৰ্য্য সিদ্ধি হয়।
ৰাজমাও।— নেমানে পৰাণে মোৰ!
কিবা পালাঁ ঠিক নহব যে ৰণ আগে?
সহজে নেৰিব চাবাঁ, ৰাজপাট-মোহ,
দুৰ্ম্মতি লৰাই। তাতে লগ, দেখি আছাঁ,
কু-মন্ত্ৰী প্ৰধান। এৰে যদি লৰাৰাজে,
নেৰিব নিশ্চয় সেই পাষণ্ড মন্ত্ৰীয়ে;-
বিনাৰণে কদাপিতো নিদিব সোমাব
মন্ত্ৰী-ফুকনক।