এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় গৰ্ভাঙ্ক।
গৰখীয়া-পথাৰ।
১ম, গঃ। (প্ৰৱেশ) হঁয়েৰা ৰাঙ্গলী, ঘুৰি আহ, ঘুৰি আহি, নুঘূৰিলি
- নে? —ঘুৰ্ ঘুৰ্। (লৰি প্ৰস্থান)
২য়, গঃ।—(প্ৰৱেশ) হেৰৌ, আগছ আগছ। সেই বগা দমৰাটোৱে
- সাঙ্গোৰ ছিঙ্গি গৈছে। কোন আছ সেইতে, আগছ আগছ।
( লৰি প্ৰস্থান। )
৩য়, গঃ।—( প্ৰৱেশ ) সও, সও, বুপাই অ, সও।
(চোপনি দি দি প্ৰস্থান)
৪ৰ্থ, গঃ। — (বিচেষ্টা হৈ প্ৰৱেশ) হেৰৌ ককাইহঁত, কেনি গলিহঁকঔ!
- ঔ, গৰু জাকেই ধাননিত উঠিলগৈ ঔ!—দেখিছা এতিয়া, কাৰো মাত
- পাবলৈ নাই! মই অকলে কি কৰিম এতিয়া! —নাহে থাওক,
- ময়ো গুচি যাওঁগৈ। নিয়ক, জাককে থেনালৈ, নিয়ক বাপেকে।
(১ম, ২য়, ৩য়, গৰখীয়াৰ প্ৰৱেশ )
১ম, গঃ।-হেৰ, কি হল অ, ভদাই? দহোন বৰকৈ ডেডাইছ একা?
৪ৰ্থ, গঃ।—কি হল, গৰু জাকেই ধাননিত উঠিলগৈ।
২য়, গঃ।—বাৰু, তোক সেইটো দায়ে নেপায় যা।
৩য়, গঃ।—এ, ভদাই, তই ইফালে আহোঁতেই আমি সিফালে ধাননি
- পালোঁগৈ নহয়। ধাননিত উঠিবলৈ নৌ পাওঁতেই আমি গৰুজাক
- ঘূৰালোঁগৈ।