পৃষ্ঠা:খটাসুৰ বধ ‍আৰু জঙ্ঘাসুৰ বধ.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জঙ্ঘাসুৰ বধ

কবন্ধ বধিয়া বৃকোদৰ বীৰবৰ।
পূৰ্ব্ব দিশে চাহন্ত উদিত দিবাকৰ॥ ১৮৮
বোলন্ত আমাৰ আজি গুচিল বিলায়।
ভগৱন্ত দিবাকৰ ভৈলন্ত উদয়॥
ভাতৃ সকলৰ মই দেখিবোহো মুখ।
এবেসে জানিলো মোৰ দূৰ ভৈল দুখ॥ ১৮৯
জঙ্ঘাসুৰে দেখয় কবন্ধ ভৈল হত।
দুৰ্জ্জয় মানুষ ইটো জানিলা মনত॥
এহি বুলি ধনু ধৰি যুজিবাক লৈলা॥
সেহিকালে মাদ্ৰীযুত দ্বিগুণে আসিলা॥ ১৯০
সহদেৱ সমে ভৈল সমৰ দুষ্কৰ।
শুনা একমনে পৰীক্ষিতৰ কুমাৰ॥
প্ৰথমতে সহদেৱে ধনু খান টানি।
মহাকোপে দশশৰ পঠাইলা হানি॥ ১৯১
জঙ্ঘাসুৰে দেখি প্ৰহাৰিলা ভীমবাণ।
সহদেৱ-শৰে তাক কৰিলা নিৰ্য্যাণ॥
তাত পাছে কণিয়ালী বাণ প্ৰহাৰিলা।
সহদেৱ বীৰৰ যে কিৰীটি কাটিলা॥ ১৯২
উলটিয়া সহদেৱ ৰথত বসিলা।
কঙ্কালৰ বস্ত্ৰ কাঢ়ি মাথাত বান্ধিলা॥
মহাক্ৰোধে সহদেৱে টঙ্কাৰিলা ধনু।
কিৰীটিৰ শোকে শৰ প্ৰহাৰিলা পুনু॥ ১৯৩