সমললৈ যাওক

পৃষ্ঠা:খটাসুৰ বধ ‍আৰু জঙ্ঘাসুৰ বধ.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
জঙ্ঘাসুৰ বধ


সাতঘটিমান ৰাত্ৰি ভৈলন্ত তথাত।
আন কবন্ধক ভীমে দেখিলা সাক্ষাত॥ ১৮৩
হৃদয়ত দুই চক্ষু যেন তৰঙ্গিনী।
হলাহল কৰে যেন প্ৰলয় অগনি॥
বৃক্ষৰ সদৃশ হাত বহুদূৰ প্ৰায়।
ভীমক দেখিয়া সবে গৰ্জ্জিয়া আসয়॥ ১৮৪
হেন দেখি ভীমে পাছে মনে দৃঢ় কৰি।
ভাঙ্গা ছিঙ্গা গদা-ধনু আনিলা বিচাৰি॥
চতুৰ্ভিতি বেঢ়ি ভীমে গড়ক বান্ধিলা।
তাহাৰ মধ্যত এক উত্তৰী ৰাখিলা॥ ১৮৫
মনত আলোচি ভীমে চুপি আছে বেগে।
গুণি গান্থি শেষে খেদি গৈলা এক ছেগে॥
পাছক নুগুণি সবে উত্তৰী পশিলা।
দেখিয়া ভীমৰ মনে আনন্দ মিলিলা॥১৮৬
তেতিক্ষণে ভীম যায় হেঙ্গাৰ বান্ধিলা।
উজানৰ মাছ যেন প্ৰহাৰ কৰিলা॥
ৰাজাৰ বস্ত্ৰক যেনমতে ধোৱে ধৰি।
সেহিমতে ভীমে মাৰে থিক থাক কৰি। ১৮৭
তিনিপ্ৰহৰেকমান কোবাই আসিলা।
নৱ লক্ষ কবন্ধক নিগুটি [] কৰিলা।


  1. নিগুটি = নিৰ্ম্মূল, সঁচ নথকা।