পৃষ্ঠা:খটাসুৰ বধ ‍আৰু জঙ্ঘাসুৰ বধ.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জঙ্ঘাসুৰ বধ

হেনয় সত্যত থাকি আমাৰ বিলায়।
সেহি বেলা কৈবে লৈলা যুধিষ্ঠিৰ ৰায়॥ ১০
প্ৰথমতে অসত্যক দেখি সুমধুৰ।
পৰকালে ঘটে তাৰ ঘোৰ অথন্তৰ॥
এহি বুলি যুধিষ্ঠিৰ মৌনহুয়া ৰৈলা।
অৰ্জ্জুন নকুল বৃকোদৰ প্ৰণামিলা॥ ১১
আশীৰ্ব্বাদ কৰিলন্ত যুধিষ্ঠিৰ ৰায়।
ফল বিচাৰন্তে চলিলেক তিনি ভাই॥
যেনমতে সিংহ চলি একসূথে যায়।
সেহি ৰূপে চলিলেক আনন্দ সদায়॥ ১২
অন্ন নাহি তথাপিতো শৰীৰ জ্বলয়।
কিঞ্চিতেকো নাহি দুখ আনন্দ কৰয়॥
যাহন্তে দেখিলা এক কুসুম উদ্যান।
সুৱৰ্ণ-কুসুমে পূৰ্ণ দেখিতে সুঠান॥ ১৩
দীৰ্ঘ প্ৰস্থে চল্লিশ হাজাৰ প্ৰহৰৰ।
দেখন্তে সুন্দৰ সিটো থান মনোহৰ॥
তাহাৰ মধ্যত এক সৰোবৰ আছে।
ফলে ফুলে আমোদিত জ্বলে চাৰিকাষে॥ ১৪
কোকিলৰ কুহুঁ কুহুঁ ভ্ৰমৰা গুঞ্জৰে।
জলচৰ পক্ষী সবে তাতে নাদ কৰে॥
পুষ্পচয় চুম্পি মধুকৰে কৰে ৰোল।
কতো উৰে কতো পৰে প্ৰেমত বিভোল॥ ১৫